Breaking

তিনিখনকৈ গাঁৱক চৰম প্ৰতাৰণা বিধায়ক ভাস্কৰ শৰ্মাৰ

0 2,039

তিনিখনকৈ ৰাজহ গাওঁ সংলগ্ন এটা মূল পথ। পথটোৰ জৰাজীৰ্ণ অৱস্থাই দুৰ্ভোগ ভোগাইছে তিনিখনকৈ ৰাজহ গাঁৱৰ জনসাধাৰণক। ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন উক্ত পথটো লেখাপানী গাওঁ, লেখাপানী নেপালী গাওঁ আৰু টিপং পানী গাঁৱৰ ৰাইজৰ একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈ আহিছে।স্বাধীনোত্তৰ কালৰ পৰাই ৰাজহ গাওঁ হিচাপে স্বীকৃত গাওঁ কেইখনৰ বাট পথ সমূহ উন্নত কৰাৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো এখন চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে।পৰিৱৰ্তন আৰু উন্নয়নৰ শ্ল’গানেৰে ৰাজপাট দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰভাৱশালী বিধায়ক ভাস্কৰ শৰ্মাই নিৰ্বাচনত জয়ী হলে উক্ত পথটো পকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল গাওঁ বাসীক। গাঁওবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে ২০১৯ চনত  বিধায়ক জনে নিজেই পথটো নিৰ্মাণৰ শুভ উদ্বোধন কৰে। পথটোৰ শুভ উদ্বোধন কৰা দেখি গাওঁ বাসীও বহুদিনীয়া আশা পূৰ্ণ হোৱা বুলি উৎসাহিত হোৱা দেখা গৈছিল।

কিন্তু দুৰ্ভাগ্যজনক ভাৱে গাওঁ বাসীৰ সেই উৎসাহ আৰু আশা আজিও সুদূৰ পৰাহত হৈ ৰল।২০১৯ চনতে উদ্ধোধন কৰা পথটোত আজি পৰ্যন্ত এটা শিলগুটিও নপৰাত বিধায়ক ভাস্কৰ শৰ্মাই মিথ্যাচাৰৰ আশ্ৰয় লৈ চৰম প্ৰতাৰণা কৰিছে বুলি গাওঁ কেইখনৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে। এই ক্ষেত্ৰত বিধায়ক জনৰ সোঁৱে-বাওঁৱে থকা নেতা-পালিনেতা আৰু স্থানীয় লেখাপানী গাওঁ পঞ্চায়তৰ সভাপতি সম্পাদকৰ ভূমিকাও সন্দেহ জনক বুলি ক্ষোভ প্ৰকাশ কৰে গাওঁ বাসীয়ে। কিয়নো পঞ্চায়ত এখনৰ অন্তৰ্গত গাওঁ সমূহৰ সৰ্বতোপ্ৰকাৰে উন্নয়নৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধি সকলে যেনে ধৰণৰ ভূমিকা পালন কৰিব লাগে সেই ভূমিকা পালনৰ ক্ষেত্ৰত লেখাপানী গাওঁ পঞ্চায়তৰ প্ৰতিগৰাকী প্ৰতিনিধি বিফল হৈছে বুলি ৰাইজে অভিযোগ কৰে। এই তিনিখন ৰাজহ গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত যদি বিধায়ক জনে খৰতকীয়া ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক নিৰ্বাচন সমূহত তিনিওখন গাঁৱৰ ৰাইজে বি, জে, পি,ৰ বিপক্ষে ভোটদান সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

Leave A Reply