Breaking

নলবাৰীত ডকাইত-আৰক্ষীৰ সংঘৰ্ষত তিনি ডকাইত আহত

0 1,027

নলবাৰীৰ মুগকুছিতত যোৱা নিশা আৰক্ষী আৰু ডকাইতৰ  মাজত গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় । মহিন্দ্ৰা জাইল’ গাড়ী লৈ অহা এটি ডকাইতৰ দলে নলবাৰী-হাজো আহি থকাৰ সময়ত আৰক্ষীৰে সংঘৰ্ষ হয় । আৰক্ষীয়ে ডকাইতৰ বাহনখনৰ চকাত গুলিয়াই গাড়ী খন ৰখাই দিয়াত ডকাইত কেইজন পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে আবু বক্কৰ,বিজু আহমেদ আৰু ৰুবুল হুছেইন নামৰ ডকাইত তিনিটাক কৰায়ত্ত কৰে । তিনি  ডকাইত আৰক্ষীৰ গুলিত আহত হয় আৰু তিনিওটাকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল লৈ প্ৰেৰণ কৰা হৈছে ।উল্লেখযোগ্য ডকাইতৰ দলটোৱে আৰক্ষীৰ গাড়ীৰ সন্মুখত দাম্পাৰ এখন ৰখাই পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলি চালনা কৰে । ডকাইতৰ কবলৰ পৰা আৰক্ষীয়ে পিষ্টল এটা,সজীৱ গুলি আৰু বহু আপত্তিকৰ সামগ্ৰী উদ্ধাৰ কৰিছে ।আৰক্ষীয়ে জনোৱা মতে ডকাইত দলটোৰ মূল অভিযুক্ত আবু বক্কৰ ধন লুট,গৰু চোৰ, বেংক ডকাইতি, মন্দিৰ লুটপাত আদি ঘটনাৰে জড়িত । আনহাতে নলবাৰী সদৰ থানাৰ এনে সফলতাত ৰাতিপুৱাৰ ভাগত নলবাৰীৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ সদৰ থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বিষয়ে আলোচনা কৰি শেষত নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা , ঘগ্ৰাপাৰ থানাৰ বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীকে ধৰি এই অভিযানত থকা আটাইকেইগৰাকী আৰক্ষীক গামোচাৰে উস্মভাৱে সম্বধৰ্ণা জনাই আটাইকে উৎসাহ যোগায়‌।

Leave A Reply