Breaking

চুৰি বাইক সহ ৰঙিয়া আৰক্ষীৰ জালত পৰিল তিনিটাকৈ দুৰ্ধৰ্ষ চোৰ…

0 102

চুৰি বাইক সহ ৰঙিয়া আৰক্ষীৰ জালত পৰিল তিনিটাকৈ দুৰ্ধৰ্ষ চোৰ । ৰঙিয়া আৰক্ষীৰ জালত তিনিটা বাইক চোৰ । চোৰ কেইটা হল বাইহাতা চাৰিআলিৰ মইনুদ্দীন আহমেদ,নগাঁও কঠীয়াতলীৰ দীপ বড়ো আৰু নলবাৰী হৰিপুৰৰ চাহিল আহমেদ ।

ৰঙিয়া ৰেল ষ্টেচনৰ ওচৰৰ পৰা আৰক্ষীয়ে আটক কৰে চোৰ কেইটাক । এখন চুৰি কৰা পালচাৰ 220 বাইক সহ আটক কৰে আৰক্ষীয়ে । উদ্ধাৰ হোৱা বাইক খনৰ নম্বৰ হৈছে AS01DA0367।

গুৱাহাটীৰ ভৰলুমুখ থানাত এই বাইক খন চুৰি হোৱাৰ গোচৰ ৰুজু হৈ আছিল,আৰক্ষীয়ে অনুসন্ধাৰ কৰাৰ পিছত এই কথা পোহৰলৈ আহে ।আৰক্ষীয়ে তিনিওটা চোৰৰ পৰা সোধ পোচ অব্যহত ৰাখিছে ।

Leave A Reply