Breaking

শিৱসাগৰৰ দিচাংমুখৰ পৰা ১২টাকৈ চুৰি গৰু সহ ৩টা চোৰক আটক

0 1,082

ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে চোৰাং গৰুৰ সৰবৰাহ । এইবাৰ স্থান শিৱসাগৰ । চৰকাৰ তথা প্ৰশাসন কঠোৰ হোৱাৰ পাছতো অপৰাধ ৰোধ কৰাত প্ৰায়ে যেন ব্যৰ্থ হৈ আহিছে অসম আৰক্ষী । যাৰ বাবে নগৰৰ একাংশ হোটেল, গাওঁৰ চোকে-কোণে আৰু বৰ ঈদৰ প্ৰাক্‌ ক্ষণত চোৰাং ভাৱে দুষ্ট চক্ৰই গো-মাংসৰ তথা গৰু কোৰবানী দাতাক চোৰি গৰু যোগানেৰে মুনাফা সংগ্ৰহ কৰি অহাটো নুই কৰিব নোৱাৰি।

গো-মাতাক লৈ নতুন আইন পৱৰ্তন হোৱাৰ পাছতো যেন আজি নিৰাপত্তা হীনতাত ভুগিছে পোহনীয়া জন্তু পালকসকল। থিক তেনে ক্ষণত শিৱসাগৰ আৰক্ষীয়ে দিচাংমুখৰ দীঘল ডৰিয়লী জিজিৰাৰ পৰা মহম্মদ মোবাৰক আলি, মুকিবুৰ আলি আৰু মহম্মদ আব্দুল্লাহ হুছেইনক আটক কৰাৰ লগতে জব্দ কৰে ১২টাকৈ চোৰি গৰু । ইতিমধ্যে শিৱসাগৰ সদৰ থানাত ৰুজু কৰা ২৫০/২২নং গোচৰ ভিত্তিত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯/৩৪ ASSAM CATTLE ACT ১৩/১ৰ অধীনত আটক কৰে অভিযুক্ত চোৰ কেইটাক।

Leave A Reply