Breaking

ৰঙাপৰা সমষ্টিত আগন্তুক বিধান সভা নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলৰ টিকেট প্ৰত্যাশী প্ৰাৰ্থীৰ ভিৰ

0 2,068

আগন্তুক বিধানসভা নিৰ্বাচন ২০২১ৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ ৰাজ্যতে প্ৰাক্ নিৰ্বাচনী বতাহ বলিছে। শাসক বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দলে দিছপুৰৰ মছনদ দখল কৰাৰ বাবে নিৰ্বাচনী ৰণকৌশল তৈয়াৰত ব্যস্ত।শাসকীয় দলক প্ৰতিহত কৰাৰ বাবে ৰাজ্যত গঠন হৈছে নতুন ৰাজনৈতিক দল।ক’বলৈ গ’লে প্ৰাক্ নিৰ্বাচনী প্ৰাক্ মুহূৰ্ততে আৰম্ভ হৈছে বিধানসভা-২০২১ৰ নিৰ্বাচনী ৰণদুন্দুভি।ইয়াৰ পৰিপ্ৰেক্ষিততে শোণিতপুৰ জিলাৰ ৭৪ নং ৰঙাপৰা বিধান সভা সমষ্টিতো নিৰ্বাচনৰ বতাহ বলিছে। প্ৰতিটো দলেই নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আগন্তুক বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ টিকেট প্ৰত্যাশী সকলৰ নামো বিশেষ ভাৱে সমষ্টি খনৰ ৰাইজৰ মাজত চৰ্চা চলিছে। জানিব পৰা মতে শাসকীয় বিজেপি দলে চাহ বাগিচা আৰু সমষ্টিৰ অন্যান্য অঞ্চল সমূহত প্ৰচাৰ প্ৰসাৰ তুংগত কৰি তোলাৰ সময়ত দলটোৰ বহু কেইগৰাকী প্রাৰ্থীয়ে নিজৰ প্ৰচাৰ আৰু প্ৰসাৰ কাৰ্য্য চলাই নিয়া পৰিলক্ষিত হৈছে।ৰাইজৰ মাজত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে পুনৰ বিধায়ক ৰূপে প্ৰতিদন্দীতা কৰিব বুলি গুজৱ ওলাইছে যদিও সেয়া দলেহে সময়ত নিৰ্ণয় কৰিব। সামন্তৰালকৈ বিজেপি দলৰ একাংশ জনপ্ৰিয় নেতাইও  নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰাৰ বাবে দলৰ শীৰ্ষ নেতাৰ লগত সঘনাই যোগাযোগ অব্যাহত ৰখাৰ নিৰ্ভৰযোগ্য খবৰ লাভ কৰা হৈছে। আলোচনা পৰ্যালোচনা চলি থকাৰ সময়ত ৰাজ্যৰ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ  চৰকাৰী সচিব তুহিন হাজৰিকাই প্ৰাৰ্থীত্ব লাভ কৰাৰ কথা ব্যাপক ভাৱে চৰ্চা চলিছে। স্থানীয় যুবক তুহিন হাজৰিকাই বিজেপি দলৰ পৰা টিকেট লাভ কৰিলে দলৰ কোনো ব্যক্তিয়ে আপত্তি নকৰিব বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে। এসময়ত অঞ্চলটোৰ সামাজিক অনুষ্ঠান মিলন য়ুথ সংঘৰ সম্পাদকৰ দায়িত্ব পালন কৰি ছাত্ৰ ছাত্ৰী সকলৰ মাজত শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ লগতে বিভিন্ন শিক্ষামুলক প্ৰতিযোগিতা , স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি দৰিদ্ৰ ৰাইজৰ মাজত স্বাস্থ্য সেৱা আগবঢ়াই জনতাৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল। অঞ্চলটোৰ বিভিন্ন সমস্যা চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ লগতে ৰেলৱে  লেভেল ক্ৰছিংত উৰণীয়া সেতু নিৰ্মাণত ক্ষেত্ৰত তুহিন হাজৰিকাই উল্লেখনীয় প্ৰচেষ্টা হাতত লৈছিল। তুহিন হাজৰিকাই বিজেপি দলৰ পৰা টিকেট লাভ কৰিলে দলৰ কৰ্মকৰ্তা সকলে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে। ইপিনে বিজেপি দলৰ পৰা টিকেট প্ৰত্যাশী  সকলৰ নাম জানিব পৰা মতে শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰেন, বাতাছ ওৰাং, জিতেন বৰঠাকুৰ, জিতু কিষান,ভদ্ৰেশ্বৰ ওৰা‌ং আদিৰ নাম বিশেষ ভাৱে চৰ্চা লাভ কৰিছে। ইপিনে মহা গঠবন্ধন প্ৰক্ৰিয়া কংগ্ৰেছ, এ আই ই ডি এফ আৰু চি পি আই এমৰ মাজত চলি থকাৰ সময়তে অসম বিধান সভাৰ প্ৰাক্তন উপাধক্ষ্য ভীমানন্দ তাতী,প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকা, অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটী আদি ব্যাক্তি সকলৰ নাম ৰাইজৰ মাজত চৰ্চালৈ আহিছে যদিও  নিৰ্বাচনত কংগ্ৰেছ দলে যোগ্যতা আৰু সৰ্বাধিক জনপ্ৰিয়তাৰ ভিত্তিত দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰিছে কংগ্ৰেছ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিংয়ে। ইফালে আগন্তুক অসম বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদেও ককালত টঙালি বান্ধিব ধৰিছে। জাতীয় পৰিষদৰ নেতৃবৰ্গয়ো সমষ্টি খনৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষীপ্রতাৰে  দলটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। তাৰোপৰি দলটোত কেইবাগৰাকী জাতীয়তাবাদী শিবিৰৰ নেতাই যোগদান কৰাৰ লগতে স্থানীয় ভাৱে মিঠু মালাকাৰৰ নাম পাৰ্থী ৰূপে ৰাইজৰ মাজত সঘনাই উচ্চাৰিত হোৱা দেখা পোৱা গৈছে।মুঠ ১ লাখ ৫৬ হাজাৰ ভোটাৰ ও  প্ৰায় ২২ খন চাহ বাগিচা আৰু গাঁৱ অঞ্চলক সামৰা ৰঙাপৰা সমষ্টি খনত বৰ্তমান বহু ৰথি মহাৰথিয়ে টিকট বিচৰাৰ সময়ত কোনে কোনে টিকট পাব আৰু কাৰ কাৰ মাজত প্ৰতীদন্ধিতা হব সেয়া সময়ত লক্ষনীয় হব।

Leave A Reply