Breaking

ছবিগৃহত মুক্তি লাভ ‘টাইগাৰ ৩’ৰ। মুক্তিৰ পূৰ্বে প্ৰায় ২০ কোটি টকা উপাৰ্জন ‘টাইগাৰ ৩’ৰ…

0 47

টাইগাৰ ৩ মুক্তি লাইভ: দীপাৱলী দিনাই ছবিগৃহত মুক্তি লাভ ছলমান খান অভিনীত ‘টাইগাৰ ৩’ৰ। টাইগাৰ ৩য়ে এডবান্স বুকিঙৰ পৰা প্ৰায় ২০ কোটি টকা উপাৰ্জন কৰিছে। ছবিখনে মুক্তিৰ পূৰ্বে ৭ লাখ ৩৭ হাজাৰ ৪৩৯ টিকট বিক্ৰী কৰি ইতিমধ্যে ১৯.৩৩ কোটি টকা উপাৰ্জন কৰিছে। এই তথ্য প্ৰকাশ কৰিছে sacnilk য়ে। আনহাতে মুক্তিৰ পূৰ্বে মুম্বাইত ছবিখনৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। য’ত ছলমান খানো উপস্থিত হৈছিল।

‘টাইগাৰ ৩’ ছবিখনে ভাৰতীয় বক্স অফিচক ধুমুহাৰ দৰে দখল কৰিবলৈ ওলাইছে যদিও ছবিখনে বিশ্বব্যাপী বক্স অফিচতো বিপুল লাভ কৰিব। বাণিজ্য বিশ্লেষক গিৰীশ জোহৰৰ মতে, ছবিখনে প্ৰথম দিনাই বিশ্বজুৰি ১০০ কোটি টকা সংগ্ৰহ কৰিব পাৰে।


‘টাইগাৰ ৩’ মুক্তি পোৱাৰ এসপ্তাহ আগতেই ছবিখনৰ এডভান্স বুকিং আৰম্ভ হৈছিল। য’ত দৰ্শকৰ পৰা অতি ভাল সঁহাৰি আহিছে। কইম’ইৰ মতে, এই পৰ্যন্ত ‘টাইগাৰ ৩’ৰ এডভান্স বুকিঙৰ পৰা দেখা গৈছে যে ছবিখনে মুক্তিৰ প্ৰথম দিনাই ৩৫ৰ পৰা ৪২ কোটি টকাৰ এক বৃহৎ সংগ্ৰহৰ ক্ষেত্ৰত সফল হ’ব পাৰে।




ছলমান-কেটৰিনাৰ ছবিখন হিন্দী, তামিল আৰু তেলেগু তিনিটা ভাষাত মুক্তি পাব।

Leave A Reply