Breaking

কুকুৰকে ৰং সানি সজালে বাঘ, পুডুচেৰীত আতংক…

0 103

বিয়পি পৰিল আতংক৷ পুডুচেৰীৰ ল’জপেটত বাঘ ওলাইছে৷ খবৰটো বতাহৰ গতিত বিয়পি পৰাৰ লগে লগে ভয়তে পেঁপৱা লাগিল ল’জপেটৰ বাসিন্দাসকল৷ বাঘ ওলোৱাৰ খবৰ পোৱাৰ পিছতে ঘৰৰ বাহিৰত থকা বহুতেই খৰখেদাকৈ নিশা ঘৰৰ ভিতৰত সোমাই দুৱাৰ মাৰি দিছিল৷ মটৰ চাইকেলত অহা দুজন লোকে অঞ্চলটোত এটা বাঘ ওলোৱা বুলি সতৰ্ক কৰি দিয়াৰ পিছতে আতংক বিয়পি পৰে৷ ছ’চিয়েল মিডিয়াত ‘বাঘ’ৰ ছবিও বহুতে আপলোড কৰিলে৷ আৰক্ষীয়ে খবৰ পাই বাঘৰ সন্ধান কৰিবলৈ চিচিটিভি ফুটেজ পৰীক্ষা কৰাত লাগি গ’ল৷ অৱশেষত চিচিটিভিত আৰক্ষীয়ে বাঘটো দেখাও পালে৷

আৰক্ষী নিশ্চিত হ’ল সেয়া বাঘ নহয়, দেহত কোনোবাই বাঘৰ দৰে আঁক-বাঁক কৰি দিয়া এটা পথৰ কুকুৰহে৷ কোনো দুষ্টচক্ৰই মিছাতে আতংকৰ সৃষ্টি কৰিবলৈ এনেদৰে কুকুৰটোকে বাঘৰ ৰূপ দিয়াৰ বিষয়ে আৰক্ষী নিশ্চিত হোৱাৰ পিছতে চক্ৰটোক ধৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷ এলেকাটোৰ বাসিন্দাসকলক অভয়বাণী শুনাই আৰক্ষীয়ে কৈছে ” এই অঞ্চলটোত কোনো বাঘে বিচৰণ কৰা নাই।কোনো দুৰ্বৃত্তই কমলা আৰু ক’লা ৰঙেৰে কুকুৰক বাঘ সজাইছে৷ আন্ধাৰত বহুতেই ইয়াক বাঘ বুলি ভাবিছে৷ গতিকে আতংকিত নহ’ব৷ ’’ ল’জপেটৰ আৰক্ষী পৰিদৰ্শক ভেংকটাচলপতি প্ৰকাশ কৰা মতে আতংকিত হোৱাৰ কোনো কাৰণ নাই৷ কুকুৰটোক কোনে এনেদৰে বাঘৰ দৰে সজালে সেয়া জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

Leave A Reply