Breaking

দিল্লীত বাঘ! বাঘৰ আক্ৰমণত আহত পাঁচ জন…

0 17

দিল্লীত ওলাল বাঘ। কংক্ৰিটৰ মহানগৰীখনলৈ বাঘ কিদৰে আহিল তাকেলৈ বহুতৰে মাজত ৰহস্যৰ সৃষ্টি হৈছে। সোমবাৰে উত্তৰ-পশ্চিম দিল্লীৰ বুৰাৰীৰ এটা আৱাসিক এলেকাত এটা নাহৰফুটুকী বাঘে প্ৰৱেশ কৰে। ফলত তাত বাসকৰা লোকসকলৰ মাজত আতংকৰ সৃষ্টি হয়। শেহতীয়াকৈ এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত নাহৰফুটুকী বাঘটোৱে ছাদৰ পৰা জঁপিওৱা দেখা গৈছে আৰু আৱাসীসকলে বাঘটোক কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰি আছে।

নাহৰফুটুকী বাঘটোৱে ৪ ৰ পৰা ৫ জন লোকক আক্ৰমণ কৰাৰ খবৰ পোৱা গৈছে আঘাতপ্ৰাপ্ত লোকসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষী আৰু বন বিভাগৰ দলে বাঘ ওলোৱাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় । বন বিভাগৰ লোকে আবাসীসকলৰ সহায়ত নাহৰফুটুকী বাঘটোক বন্দী কৰিবলৈ সক্ষম হয়। বাঘটো কিদৰে সেই স্থানলৈ আহিল তাকেলৈ ৰহস্যৰ সৃষ্টি হৈছে। উল্লেখ্য ইয়াৰ পূৰ্বেও দিল্লীত বাঘ ওলোৱাৰ ঘটনা সংঘটিত হৈছিল।

Leave A Reply