Breaking

সঠিক সময়ত সুযোগ দিয়া হৈছে গাইকোৱাডকঃ চেতন শৰ্মা

0 1,039

শেহতীয়াভাৱে দাঙি ধৰা উন্নত প্রদর্শনৰ বাবেই প্রতিভাৱান বেটছমেন ৰুতুৰাজ গাইকোৱাডক দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিবলগীয়া এদিনীয়া শৃংখলাটোত ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে৷ এই মন্তব্য কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ নির্বাচক কমিটীৰ মুখ্য নির্বাচক চেতন শর্মাই৷ দক্ষিণ আফ্রিকা ভ্রমণলৈ ঘোষণা কৰা দলটোত স্থান লাভ কৰা গাইকোৱাড সন্দর্ভত মুখ্য নির্বাচকগৰাকীয়ে কয় যে সঠিক সময়ত তেওঁক সুযোগ দিয়া হৈছে৷

আশা কৰিছোঁ ৰামধেনুৰ দেশত গাইকোৱাডে উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব৷ প্রথমতে তেওঁক টি–২০ দলত অন্তর্ভুক্ত কৰা হৈছিল আৰু এতিয়া তেওঁক এদিনীয়া দলটোতো অন্তর্ভুক্ত কৰা হৈছে বুলি উল্লেখ কৰি মুখ্য নির্বাচক চেতন শর্মাই লগতে কয় যে শেহতীয়াভাৱে ইখনৰ পিছত সিখন মেচত দাঙি ধৰা চমকপ্রদ বেটিঙৰ বাবে গাইকোৱাডক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে যদিও দক্ষিণ আফ্রিকাৰে খেলিবলগীয়া এদিনীয়া শৃংখলাটোত ২৪ বছৰীয়া বেটছমেনগৰাকীক মূল একাদশত অন্তর্ভুক্ত কৰা সন্দর্ভত দলীয় মেনেজমেণ্টেহে সিদ্ধান্ত গ্রহণ কৰিব৷

Leave A Reply