Breaking

টিংখাঙত এ টি এম সেৱা সঘনাই অচল : সোমবাৰৰ পৰা জমা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ দ্বিতীয় কিস্তিৰ ধন

0 77

টিংখাং 
ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় অঞ্চলৰ জনসাধাৰণে সঘনে এটিএম সেৱাৰ পৰা বঞ্চিত হ’ব লগা হোৱাত গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈ আহিছে। জিলাখনৰ ভিতৰুৱা ঠাই হিচাপে পৰিচিত টিংখাঙৰ ৰাজগড়ত থকা ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়া, চেণ্ট্ৰেল বেংক , ইউ ক’ বেংকৰ এটিএম কেইটা সঘনে অচল থাকে। বেংকসমূহৰ এটিএম কেইটা অচল হৈ থকাত বৃহৎ অঞ্চলটোৰ জনসাধাৰণে এটিএম সেৱাৰ পৰা বঞ্চিত হৈ আছে। আনহাতে বিগত কিছুদিনধৰি ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লগতে আন বেংকবোৰৰ কাৰিকৰী বিসংগতিয়ে দেখা দিয়া বুলি জানিব পৰা গৈছে। যাৰ বাবে বেংকত লেনদেনত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। বেংকৰ কাৰিকৰী বিজুতিৰ বাবে অতি লেহেমীয়া হৈ পৰিছে বেংক সেৱা। দিনটোৰ অধিক সময়ে বেংকৰ কাম কাজ পৰিচালনাত তথা লেনদেনত অচলাৱস্থাৰ সৃষ্টি হৈ আহিছে।  ইয়াৰ ফলতো বেংকৰ গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ বেংকৰ কাৰিকাৰী বিজুতি প্ৰভাৱ গ্ৰামাঞ্চল আৰু নগৰে চহৰে থকা গ্ৰাহক সেৱা কেন্দ্ৰসমূহতো পৰাৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। উল্লেখ্য যে লকডাউনৰ পৰিপ্ৰক্ষিতত কেতবোৰ অঞ্চলত থকা বেংকৰ শাখা এটিএমৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰসমূহত সন্মুখত পুৱাৰে পৰা ধন উলিয়াবলৈ আহি শাৰী পতা দেখা গৈছে। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ সময়ছোৱাত দৰিদ্ৰলোকৰ বাবে প্ৰদান কৰা আৰ্থিক অনুদান আগবঢ়োৱা পাছৰে পৰা বেংকসমূহত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। আনহাতে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন সোমবাৰৰ পৰা চৰকাৰে হিতাধিকাৰীৰ একাউণ্টত জমা কৰাৰ কাম আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ইপিনে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ পহিলা মাৰ্চৰ পৰা ২৫ মে’লৈকে জনধন আঁচনিৰ অধীনত বেংকত একাউণ্ট খোলা মহিলাসকলকো প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিখনে সামৰি লোৱাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি দেশৰ দৰিদ্ৰ মহিলাসকলে প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ধন একেলগে লাভ কৰিব। দেশত লকডাউনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিতে প্ৰধানমন্ত্ৰী জনধন আঁচনিখনৰ অধীনত বিগত এক আগষ্ট ২০১৪ বৰ্ষৰ পৰা চলিত  বৰ্ষৰ ফেব্ৰুৱাৰীলৈ খোলা বেংক একাউণ্টৰ  হিতাধিকাৰীক প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ ধন প্ৰদান কৰিছিল।

Leave A Reply