Breaking

মাৰ্ঘেৰিটাত তিনিচুকীয়া জিলা ভিত্তিত বক্সিং টুর্নামেন্ট প্রতিযোগিতা…

0 24

মাৰ্ঘেৰিটাত তিনিচুকীয়া জিলা ভিত্তিত বক্সিং টুর্নামেন্ট প্রতিযোগিতা। ভাৰতীয় সেনা বাহিনীৰ ডুমডুমাৰ তত্ত্বাৱধানত আৰু তিনিচুকীয়া জিলা বক্সিং এছোচিয়েচন সহযোগত মাৰ্ঘেৰিটা বক্সিং একাডেমিত তিনিদিনীয়া কাৰ্যসূচীয়ে অনুষ্ঠিত কৰা তিনিচুকীয়া জিলা ভিত্তিক বক্সিং টুর্নামেন্টৰ আজি শুভাৰম্ভ কৰা হয়। মুঠ ১০টা কেটেগৰীত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাত চেম্পিয়নক ৫ হাজাৰ আৰু ৰানাৰ্ছ আপক ৩ হাজাৰ টকা নগদ ধনেৰে পুৰষ্কৃত কৰা হ’ব।ল’ৰা আৰু ছোৱালী দুয়োটা শাখাত ক্রমে ৪৬ কেজি, ৫৫ কেজি ছাব জুনিয়ৰ ল’ৰা, ৪৬ কেজি, ৫২ কেজি জুনিয়ৰ ল’ৰা, ৫১ কেজি ৬০ কেজি যুৱ ল’ৰা, ৪৩ কেজি ৫২ কেজি ছাব জুনিয়ৰ ছোৱালী, ৪৮ কেজি জুনিয়ৰ ছোৱালী আৰু ৫০ কেজি যুৱ ছোৱালী শাখাত প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় ৮৬ গৰাকী প্ৰতিযোগিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।আজি শুভাৰম্ভ অনুষ্ঠানত ভাৰতীয় সেনাবাহিনীৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰীসহ বহু সংখ্যক ক্ৰীড়াপ্ৰেমী স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply