Breaking

অসমীয়া ভাষাৰ ওপৰত কৰা দুৰ্ব্যৱহাৰক বিৰুদ্ধে তিনিচুকীয়া জিলা প্ৰাক্তন আলফাৰ সংবাদমেল।

0 2,040

বৰাকত বৰাক ডেমক্ৰেটিক যুৱ ফ্ৰণ্ট আৰু সদৌ বাঙালী যুৱ ছাত্ৰ সন্থা নামৰ দুটা সংগঠনে ভাৰত চৰকাৰৰ জল জীৱন আঁ‌চনীৰ এখন বেনাৰত থকা অসমীয়া ভাষাৰ লিপিত কলা ৰং সানি অপমান কৰা বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে তিনিচুকীয়া জিলাৰ প্ৰাক্তন আলফা স্বাধীনৰ ঐক্যমঞ্চই আজি পেঙেৰীত এক সংবাদমেল আয়োজন কৰি এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদমেলত প্ৰাক্তন আলফা স্বাধীনে উক্ত বঙালী সংগঠন দুটাৰ সকীয়নি প্ৰদান কৰাৰ লগতে যি দল সংগঠনে নহওক অসমীয়াৰ স্বাভিমান, অসমীয়া জাতি,ভাষ সংস্কৃতিৰ ওপৰত আঘাত সনা কৰ্ম কাণ্ড চলাই আহিছে তাৰ বিৰূদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰাক্তণ আলফা স্বাধীন তিনিচুকীয়া জিলা  ঐক্যমঞ্চৰ সম্পাদক ৰয়দীপ মৰাণে সংবাদমেলত দিয়া অভিযোগ অনুসৰি চুবুৰিয়া ৰাষ্ট্ৰ  ম্যানমাৰত যি ধৰণে ৰহিঙ্গীয়া সকলে ম্যানমাৰৰ লোকৰ ওপৰত অত্যাচাৰ কৰিছিল,পিছত ম্যানমাৰৰ পৰা ৰহিঙ্গীয়া সকলক খেদি পঠিওৱাৰ দৰে অসমত  অসমীয়া ভাষা,সংস্কৃতি  বিৰোধী কাৰ্যত লিপ্ত সকলকো অসমীয়াই খেদি পঠোৱাৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ সন্দেহ কথা সদৰী কৰি তেনে সময় যেন সমাগত হৈ পৰিছে বুলি সকীয়নি প্ৰদানেৰে অখ্যাত  সংগঠন দুটাই পুৰণ তেনে কাৰ্যত লিপ্ত হলে প্ৰাক্তণ আলফা ঐক্য মঞ্চ কোনো কাৰণতে হাত সাৱটি বহি নাথাকে বুলিও স্পষ্ট কৰে ।উক্ত অসম বিৰোধী কাৰ্যত লিপ্তত জড়িত সকলক  অতি সোনকালে  চৰকাৰে গ্ৰেপ্তাৰ কৰি উচিৎ ব্যৱস্থা প্ৰদান কৰিবলৈও আলফা ঐক্যমঞ্চই দাবী জনাইছে।ইফালে অসমীয়া ভাষাক লৈ ৰাজনীতি নকৰিবলৈ আহবান জনাই অসমীয়া বিৰোধী কৰ্মত লিপ্ত  সংগঠন দুটাক  কংগ্ৰেছ দলে যি ৰক্ষণাবেক্ষণৰ  চেষ্টা চলাই আহিছে  তাৰ পৰা বিপৰিতে অসমীয়া বিৰোধী কৰ্মত লিপ্ত  সংগঠন দুটাক  কংগ্ৰেছ দলে যি ৰক্ষণাবেক্ষণৰ  চেষ্টা চলাই আহিছে  তাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছে প্ৰাক্তণ আলফা ঐক্য মঞ্চই ।আজি প্ৰাক্তণ আলফা ঐক্যমঞ্চ তিনিচুকীয়া জিলা সমিতিয়ে আয়োজন কৰা সংবাদমেলত আলফা স্বাধীনৰ প্ৰাক্তণ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ সদস্য উপস্থিত আছিল।

Leave A Reply