Breaking

ডিমৌ শাখা কবি সন্মিলনৰ “কাব্য জিজ্ঞাসা” শীৰ্ষক কবিতা আবৃত্তিৰ কৰ্মশালা সফল সামৰণি…

0 34

শিৱসাগৰ জিলা কবি সন্মিলনৰ উদ্যোগত আৰু ডিমৌ শাখা কবি সন্মিলনৰ সহযোগত ২২,২৩ আৰু ২৪ জুলাইলৈ অনুষ্ঠিত “কাব্য জিজ্ঞাসা” শীৰ্ষক কবিতা আবৃত্তিৰ কৰ্মশালাখনি আজি আনুষ্ঠানিক ভাৱে সফল সামৰণি পৰে। আজি ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাখনি সভাপতিত্ব কৰে শিৱসাগৰ জিলা কবি সন্মিলনৰ সভাপতি ব্ৰজেন দাসে।

শাখা কবি সন্মিলনৰ সভাপতি অঞ্জুমণি গগৈ মেধিয়ে আদৰণি ভাষণ দিয়াৰ পিছতে সম্পাদিকা দিতিমণি দত্ত আৰু পত্ৰিকা সম্পাদিকা জিমনি গগৈয়ে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখন শুভ উদ্বোধন কৰাৰ লগতে ডিমৌ শাখা কবি সন্মিলনৰ মুখপত্র “অহিৰণ” খনৰ প্ৰথম সংখ্যা শুভ উন্মোচন কৰে যুৱ প্ৰজন্মৰ অন্যতম আগশাৰীৰ কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে। পাওগামে ডিমৌ শাখা কবি সন্মিলনক শলাগ লৈ তেওঁলোকৰ নেৰানেপেৰা প্ৰচেষ্টাত প্ৰকাশ কৰি উলিওৱা “অহিৰণ” নামৰ মুখপত্রখে অনাগত দিনত সাহিত্য প্ৰেমীসকলক নতুন মাত্রা প্ৰদান কৰিব বুলি কয়।

ইয়াৰ পিছতে ডিমৌ শাখা কবি সন্মিলনে কবিতাক জনমুখী কৰাৰ লক্ষ্যৰে কবিতা আৰু কবিতা সম্পৰ্কীয় লেখা সন্নিবিষ্ট কৰি জিমনি গগৈ আৰু দিতিমণি দত্তৰ সম্পাদনাত “কিছু পদ্য কিছু গদ্য” নামৰ গ্ৰন্থ আৰু কীৰ্তি শিক্ষয়িত্ৰী সীমাৰেখা কোঁৱৰ ফুকনৰ “নিজম নদীৰ মোহনা” কবিতা পুঁথিখন শুভ উন্মোচন কৰে বিশিষ্ট সাহিত্য সমালোচক তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড০ মাণিক শইকীয়াই।

গ্ৰন্থ দুখন উন্মোচন কৰি ড০ মাণিক শইকীয়াই অসমীয়া সাহিত্য আৰু কবিতাৰ সম্পর্কে বহুকেইটা তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াই। এই অনুষ্ঠানতেউপস্থিত থাকি আবৃত্তি ৰত্ন, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি জুলিয়ানা বেগমে সংগীত শিল্পী লক্ষীমা ফুকনৰ স্বৰলিপি সম্বলিত আধুনিক গীতৰ পুথি “স্বৰাঞ্জলি দৰ্শিতা” উন্মোচন কৰাৰ লগতে ডিমৌ অঞ্চলৰ আন এগৰাকী লেখত লবলগীয়া কবি কুঞ্জ দেৱী উপাধ্যায়ৰ “তৃষ্ণাতুৰ পানী” নামৰ কবিতা পুঁথি উন্মোচন কৰি কবিতা প্ৰেমী সকললৈ আগবঢ়াই দিয়ে।

গাম্ভীর্যপূৰ্ণ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি পবিত্র গগৈ, যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক পাৰভিজ হুচেইন, কেন্দ্ৰীয় সদস্য অচ্যুত কুমাৰ বৰা, ৰুদ্ৰসাগৰ কবি সন্মিলনৰ গীতাঞ্জলি হাজৰিকা, নিতাইপুখুৰী হেমচন্দ্র দেৱগোস্বামী মহাবিদ্যালয় অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ দিগন্ত গগৈ, ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বকুল দত্ত, শাখাৰ উপদেষ্টা অৰুণ শৰ্মা, ডিমৌ শাখা সাহিত্য সভাৰ সম্পাদক অৰুণ কলিতা,ডিমৌ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মা লাহন চেতিয়া,শিৱসাগৰ জিলা কবি সন্মিলনৰ উপ সভাপতি জিতেন নাথ, সহকাৰী সম্পাদক অভিজিৎ গগৈৰ উপৰিও অনুষ্ঠানত ডিমৌৰ লগতে শিৱসাগৰৰ ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Leave A Reply