Breaking

মৰিগাঁৱত তিৱা সাংস্কৃতিক মহোৎসৱৰ লাইখুঁটা স্থাপন…

0 33

মৰিগাঁও চহৰৰ “তিৱা ফা ইন্দ্ৰসিং দেউৰী” ক্ষেত্ৰত ২৯ মাৰ্চৰ পৰা তিনিদিনীয়া বিশাল আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা তিৱা কান্ঠিচ্যুৰি খাম অৰ্থাৎ তিৱা সাংস্কৃতিক মহোৎসৱৰ আজি জনগোষ্ঠীয় মাংগলিক কাৰ্যক্ৰমনিকাৰে লাইখুঁটা স্থাপন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে। লাইখুঁটা স্থাপন কৰি দিয়া ভাষণত বিধায়ক দেউৰীয়ে কয় যে, মধ্য অসমৰ ইতিহাস প্ৰসিদ্ধ তিৱা জনগোষ্ঠীটো ভাষা কৃষ্টি সংস্কৃতি বিকাশত অন্যান্য জনগোষ্ঠী সমূহৰ তুলনাত আজিও বহু পিছপৰি আছে। এই সমূহক আগুৱাই নি বিশ্ববাসীক পৰিচিত কৰাৰ প্ৰবল প্ৰয়াসেৰে পোনপ্ৰথমবাৰৰ বাবে এই তিৱা সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰা হৈছে।

এই সাংস্কৃতিক মহোৎসৱটিক সফল কৰি তুলিবৰ বাবে মধ্য অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক পূৰ্ণ সহযোগ কৰিবলৈ তেওঁ আহ্বান জনায়। তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য তথা তিৱা সংগ্ৰামী নেতা প্ৰণৱজ্যোতি মছৰঙে আতধৰা আজিৰ এই লাইখুঁটা স্থাপন আনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডুকাকতি, অসম চৰকাৰৰ অসম সৌৰভ বঁটা প্ৰাপক তিৱা নৃত্য গুৰু নাদিৰাম দেউৰী, তিৱা ৰাজদৰবাৰৰ সম্পাদক জুৰচিং বৰদলৈ, বিশিষ্ট তিৱা সাহিত্যিক তথা ভীমবৰ দেউৰী বটাঁ প্ৰাপক মিলেশ্বৰ পাতৰ, মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ

সভাপতি প্ৰতাপ হাজৰিকা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা সহ তিৱা জনগোষ্ঠীৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে জাগীৰোড আৰু মৰিগাঁও চহৰৰ সিধাবাৰীৰ দুটা সাংস্কৃতিক দলে পৰম্পৰাগত তিৱা নৃত্য পৰিৱেশন কৰে। উল্লেখ্য যে, তিৱা স্বায়ত্ব পৰিষদৰ উদ্যোগত আৰু সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা মাথনলাই তখ্ৰা, তিৱা ৰাজদৰবাৰ, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা মহিলা সন্থা, তিৱা সাংস্কৃতিক সমাজ আৰু সদৌ তিৱা সুৰক্ষা সমিতিৰ যৌথ সহযোগত অহা ২৯, ৩০ আৰু ৩১ মাৰ্চত মৰিগাঁও চহৰৰ স্কুল খেলপথাৰৰ তিৱা ফা ইন্দ্ৰসিং দেউৰী ক্ষেত্ৰত মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ সাতামপুৰুষীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শনেৰে পোন প্ৰথমবাৰৰ বাবে এই তিৱা সাংস্কৃতিক মহোৎসৱটি অনুষ্ঠিত হ’ব।

Leave A Reply