Breaking

চীনৰ বুলেট ট্রেইন চলিল অৰুণাচল সীমান্তলৈ

0 560

ভাৰতৰ বিৰুদ্ধে আগ্রাসী ৰণনীতিৰে অৱশেষত আজি চীনে অৰুণাচল সীমান্তলৈ আনুষ্ঠানিকভাৱে বুলেট ট্রেইন চলালে৷ হিমালয়ান অঞ্চলৰ তিব্বতৰ প্রাদেশিক ৰাজধানী লাচা আৰু নিংছি সংযোগী ৪৩৫.৫ কিলোমিটাৰ ৰে’লপথত প্রথম সম্পূর্ণ বৈদ্যুতিক বুলেট ট্রেইনৰ শুভাৰম্ভ কৰিলে চীনে৷ নির্ধাৰিত ৩০ জুনৰ পৰিৱর্তে বেইজিঙে আজিয়েই এই ৰে’লপথটো মুকলি কৰে৷ চীনৰ শাসকীয় কমিউনিষ্ট পার্টী অৱ চীন চমুকৈ চি পি চিৰ অহা ১ জুলাইত শতবার্ষিকী উপলক্ষে আজি কৌশলগতভাৱে অতি গুৰুত্বপূর্ণ অৰুণাচল সীমান্তৰ সমীপৰ ৰে’লপথত বুলেট ট্রেইনৰ চলাচল আৰম্ভ কৰে৷ উল্লেখ্য যে অৰুণাচল প্রদেশ সীমান্তৰ পৰা মাত্র ১৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত নিংচি হৈছে দক্ষিণ–পূব তিব্বতত চীনৰ পুৰণি সামৰিক ঘাটি৷ সম্প্রতি নিংছিত পিপল্ছ লিবাৰেচন আর্মী (পি এল এ)ৰ ৫২নং আৰু ৫৩নং মাউণ্টেইন ইনফেণ্ড্রী ব্রিগেডৰ মুখ্য কার্যালয় আছে৷

বেইজিঙে বিগত প্রায় এটা দশক ধৰি সীমান্ত সংলগ্ণ নিংছিৰ সামৰিক ঘাটি আৰু চীনা সৈন্যবাহিনীৰ মূল কেন্দ্রসমূহৰ মাজত ৰে’ল–ঘাইপথেৰে সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছে৷ নিংছিত ইতিপূর্বৰে পৰা এটা বিমানবন্দৰ আছে৷ সেই বিমানবন্দৰটো অসামৰিক বিমানৰ লগতে সামৰিক বাহিনীয়েও ব্যৱহাৰ কৰে৷ মন কৰিবলগীয়া যে ৰাষ্ট্রপতি ঝি জিনপিঙে লাছা–নিংছি ৰে’লপথটো চীনৰ নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূর্ণ হ’ব বুলি ইতিমধ্যে মন্তব্য কৰিছে৷ সামৰিক কৌশলগত দিশৰ সমান্তৰালভাৱে অর্থনৈতিকভাৱেও চীনৰ বাবে অতি গুৰুত্বপূর্ণ ৰে’ল প্রকল্পটো আৰম্ভ কৰা হৈছিল ২০১৪ চনত৷ ৪৩৫ কিলোমিটাৰ দৈর্ঘ্যৰ ৰে’লপথছোৱাৰ ৭৫ শতাংশই দলং অথবা সুৰংগ৷ লাছাৰ পৰা নিংছিলৈ নির্মাণ কৰা হৈছে মুঠ ৪৭টাকৈ সুৰংগ৷ প্রকল্পটো আৰম্ভ কৰাৰ পৰাই দিনে–নিশাই ২০ হাজাৰ শ্রমিক আৰু অভিযন্তাই ইয়াৰ নির্মাণকার্যত ব্রতী হৈছিল৷ য’ত ব্যয় হৈছে ৫.৭ বিলিয়ন মার্কিন ডলাৰ৷ অৰুণাচল প্রদেশ সীমান্তত ৰঙা চীনৰ এনে তৎপৰতা তথা যুদ্ধংদেহি মনোভাবক এতিয়া দিল্লীয়ে কিদৰে গ্রহণ কৰে বা কেনেধৰণৰ ব্যৱস্থা লয়, সেয়া লক্ষণীয় হ’ব৷

Leave A Reply