Breaking

ব্ৰাজিলৰ বধিৰ অলিম্পিকলৈ অসমৰ প্ৰতিভাৱান খেলুৱৈ অভিনন্দন গোস্বামী

0 2,053

অসমবাসীৰ বাবে এক সুখবৰ। ব্ৰাজিলত মাৰ্চৰ ১ তাৰিখৰ পৰা ১৫ এপ্ৰিল পৰ্যন্ত অনুষ্ঠিত হ’বলগীয়া বধিৰ অলিম্পিক (Deaflympics) লৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ প্ৰতিভাৱান সমৰ কলাবিদ অভিনন্দন গোস্বামীয়ে। ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে প্ৰতিভাৱান সমৰ কলাবিদ গৰাকীয়ে।

ইতিমধ্যে লক্ষ্ণৌত অনুষ্ঠিত হোৱা যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতাত অভিনন্দনে স্বৰ্ণ পদক লাভ কৰি অসমবাসীক গৌৰৱান্বিত কৰিছিল৷ অসমৰ দুগৰাকী বিশিষ্ট শিল্পী শ্ৰী নিৰঞ্জন গোস্বামী আৰু শ্ৰীমতী গৌৰী মহন্ত গোস্বামীৰ একমাত্ৰ সন্তান অভিনন্দনক আন্তৰিক শুভকামনা জনাইছে মন্ত্ৰী বিমল বৰাৰ লগতে সকলোৱে।

Leave A Reply