আৰিয়ান খানৰ ব্ৰেণ্ডৰ কাপোৰ কিনিবলৈ হ’লে আপুনি সাত বাৰ ভাবিব লাগিব! কাপোৰৰ দাম শুনি গ্ৰাহকৰ ঘূৰাল মূৰ…

শ্বাহৰুখ খানৰ প্ৰিয় পুত্ৰ আৰিয়ান খানে শেহতীয়াকৈ মুকলি কৰিছে এটা অনলাইন কাপোৰৰ ৱেবছাইট। এতিয়া এই ৱেবচাইটত থকা কাপোৰৰ দামৰ বাবে আৰিয়ানক তীব্ৰভাৱে ট্ৰল কৰা হৈছে। শ্বাহৰুখ খানৰ প্ৰিয় পুত্ৰ আৰিয়ান খানে ছ’চিয়েল মিডিয়াত বিলাসী লাইফষ্টাইল ব্ৰেণ্ডৰ বাবেই আজিকালি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। আৰিয়ানে নিজৰ ব্ৰেণ্ডৰ অনলাইন ৱেবচাইট খুলি দিয়াৰ লগে লগে তেওঁৰ চাইটত থকা কাপোৰৰ দামবোৰে মানুহক আচৰিত কৰি তুলিলে। এই অনলাইন চাইটত উপলব্ধ কাপোৰৰ দাম ইমানেই বেছি যে মানুহে ছ’চিয়েল মিডিয়াত তীব্ৰভাৱে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে।

শ্বাহৰুখ খানৰ কন্যা চুহানাই বলীউডত অভিষেক ঘটাবলৈ সাজু হোৱাৰ বিপৰীতে তেওঁৰ পুত্ৰই (আৰিয়ান খানে) পৰিচালনাত প্ৰৱেশ কৰাৰ পূৰ্বে ব্যৱসায়ী হিচাপে এণ্ট্ৰি লৈছে। বহু লোকৰ সৈতে আৰিয়ান খানে যোৱা বছৰ মুকলি কৰিছিল তেওঁৰ নতুন ব্যৱসায় ডাইভল ভদকা। কিন্তু এতিয়া ডাইভল এক্সৰ নামত এটা কাপোৰৰ ৱেবছাইট মুকলি কৰিছে, যাৰ বিক্ৰীও আৰম্ভ হৈছে। এই শ্বপিং অনলাইন চাইটটো খোলাৰ উদ্দেশ্য হ’ল আৰিয়ানৰ অনুৰাগীসকলেও কিছু সীমিত সংস্কৰণৰ কাপোৰ কিনিব পাৰে। কিন্তু এতিয়া এই কাপোৰৰ দামৰ বাবে আৰিয়ানক ট্ৰ’ল কৰা হৈছে।


আৰিয়ানৰ এই কাপোৰৰ ব্ৰেণ্ড (আৰিয়ান খান ক্লথিং ব্ৰেণ্ড দ্যাভোল এক্স)ৰ পৰা বজাৰ কৰাৰ স্ক্ৰীণশ্বট আৰু ইয়াৰ মূল্য ছ’চিয়েল মিডিয়াত বহুতে শ্বেয়াৰ কৰিছে, যাৰ দামে বহু লোকক বিমোৰত পেলাইছে। এই অনলাইন চাইটত এটা সামান্য দেখা জেকেট ২ লাখত উপলব্ধ হোৱাৰ বিপৰীতে এটা সাধাৰণ টি-চাৰ্টৰ দাম প্ৰায় ২৪.৫ হাজাৰ টকাৰ পৰা আৰম্ভ হৈছে। এই চাইটত উপলব্ধ কাপোৰৰ দাম লৈ মানুহে আৰিয়ান খানক ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে। এজনে লিখিছে – ৪০০ টকাত ঘৰত বহি ২৪ হাজাৰ টকাৰ ডাইভল জেকেট কেনেকৈ বনাব পাৰি।

Related Articles