Breaking

ৰিয়েলিটী শ্ব’ ‘বিগ বছ’ ছিজন-১৬ৰ বিজয়ী ট্ৰফী এম চি ষ্টেনলৈ…

0 119

ৰেপাৰ আলতাফ শ্বেখ ওৰফে এম চি ষ্টেনে লাভ কৰিছে ‘বিগ বছ ১৬’ৰ ট্ৰফী। শ্ব’টোত জয়ী হোৱাৰ পিছত ষ্টেনে নিজৰ অনুভৱ শ্বেয়াৰ কৰিছে। ৪ মাহ ধৰি চলি থকা ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৬’ত বহুত ঘটিল ঘটনা। শ্ব’টোত কাজিয়া, শত্ৰুতা, প্ৰেম, বন্ধুত্ব আৰু বহুত মনোৰঞ্জন দেখা গৈছিল। বিভিন্ন পেছাৰ প্ৰতিযোগীয়ে নিজৰ ভিন্ন শৈলীৰে দৰ্শকৰ হৃদয় জয় কৰিছিল। আটাইতকৈ বেছি হৃদয় জয় কৰাজন আছিল এম চি ষ্টেন। তেওঁ ১৬ সংখ্যক ছিজনৰ ট্ৰফী লাভ কৰে।


শেহতীয়াকৈ এম চি ষ্টেনে এক সাক্ষাৎকাৰত কয় যে তেওঁ আশা কৰা নাছিল যে তেওঁ বিজয়ী হ’ব বুলি। ছ’চিয়েল মিডিয়াৰ পৰা চেলিব্ৰিটিলৈকে শিৱ ঠাকাৰে আৰু প্ৰিয়ংকা চহৰ চৌধুৰীক ‘বিগ বছ ১৬’ৰ বিজয়ী হ’ব বুলি ভাবিছিল।

শ্ব’টোত জয়ী হোৱাৰ পিছত এম চি ষ্টেনে এক বাৰ্তালাপত নিজৰ অভিজ্ঞতা ব্যক্ত কৰে। তেওঁ কয় যে তেওঁ অনুভৱ কৰিছিল যে শিৱ থাকৰে শ্ব’টোত জয়ী হ’ব। ষ্টেনে কয়, “মই এইটো আশা কৰা নাছিলো। মই ভাবিছিলো মোৰ ভাইটি শিৱ শ্ব’টোত জয়ী হ’ব। আমাৰ দুয়োৰে মাজত এনেকুৱা কথা-বতৰা হৈছিল যে হয় তেওঁ জয়ী হ’ব নহয় মই জয়ী হ’ম। এইটো শেষলৈকে আমাৰ আছিল। মই ভাবো যে ১৬ জন প্ৰতিযোগীয়েই শ্ব’টোত জয়ী হোৱাৰ যোগ্য আছিল।
ষ্টেনে নিজৰ অনুভৱবোৰ প্ৰকাশ কৰিলে এইদৰে।

এম চি ষ্টেনক সোধা হৈছিল যে যেতিয়া ছলমান খানে তেওঁক শিৱৰ মাজত বিজয়ী ঘোষণা কৰিছিল তেতিয়া তেওঁৰ কেনে লাগিছিল। এই কথাত ৰেপাৰজনে কয়, “মই অনুভৱ কৰিলো যে মই কান্দিব নে হাঁহিব। সেই পৰিস্থিতি এনেকুৱাই আছিল।

Leave A Reply