Breaking

কামৰূপৰ জিলাৰ ৩৫ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীক পেঞ্চনৰ সা-সুবিধা প্ৰদান…

0 93

কামৰূপ জিলাৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ যোৱা ৩০ মে’ত অৱসৰ লোৱা মূঠ ৩৫ গৰাকী শিক্ষক-কৰ্মচাৰীক আজি পেঞ্চনৰ সা-সুবিধা প্ৰদানৰ বিভাগীয় মঞ্জুৰী পত্ৰও প্ৰদান কৰা হয়। কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে অনুষ্ঠিত এই অনুষ্ঠানত কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই

অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰ কল্যাণৰ বাবে জিলাৰ শিক্ষা বিভাগে লোৱা বিভিন্ন পদক্ষেপৰ কথা ব্যাখ্যা কৰে। এয়া কামৰূপৰ শিক্ষা বিভাগৰ এক স্বচ্ছ পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক সকলক অৱসৰকালীন সময়ছোৱাতো শিক্ষাব্যৱস্থাৰ সৈতে জৰিত হৈ থকাৰ আহ্বান জনায়।সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি পূৱ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক খগেন তালুকদাৰে অৱসৰপ্ৰাপ্ত শিক্ষক সকলক অধ্যয়নৰ সৈতে জৰিত থাকি জ্ঞানৰ আলোকেৰে সমাজজীৱন আলোকিত কৰাৰ কামত ব্ৰতী হৈ থকাৰ আহ্বান জনায়।

সভাত অৱসৰপ্ৰাপ্ত বেংক বিষয়া ৰবীন পাঠকে ভাষণ প্ৰদান কৰি অৱসৰপ্ৰাপ্ত শিক্ষক সকলক ভেছপা আঁচনিত স্বেচ্ছাই যোগদানৰ বাবে আহ্বান জনায়। সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই অৱসৰপ্ৰাপ্ত শিক্ষক সকলক কামৰূপৰ “ভেছপা” আঁচনিৰ অধীনত নিজৰ সুবিধাঅনুসৰি বিদ্যালয়ত সেৱা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ কয় যে একাংশ চৰকাৰী পেঞ্চনভোগী শিক্ষকে বেচৰকাৰী বিদ্যালয়ত সেৱা আগবঢ়াবলৈ বিচাৰে। তেওঁ ইয়াৰ সলনি অৱসৰপ্ৰাপ্ত শিক্ষক সকলক চৰকাৰী বিদ্যালয়ত সেৱা আগবঢ়াবলৈ অনুৰোধ জনায়।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক সকলেও চৰকাৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ বাবে লোৱা পদক্ষেপৰ শলাগ লৈ বক্তব্য প্ৰদান কৰে।সভাত কামৰূপ জিলাৰ অধিবিদ্যা পৰিষদৰ সম্পাদক ৰফিকুদ্দিন আহমেদৰ উপৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply