Breaking

চতিয়াৰ ১০ বছৰীয়া কিশোৰী মিংবী বৰফুকনৰ কৃতিত্ব, দ্বিতীয় বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব; ২৭ ফেব্ৰুৱাৰীত ৰাওনা হ’ব মস্কোলৈ…

0 201

চতিয়াৰ গেৰেকী গাঁৱৰ ১০ বছৰীয়া কিশোৰী মিংবী বৰফুকনে উশ্বু খেলত দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰি চতিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ কনমানী খেলুৱৈ মিংবী বৰফুকন গেৰেকী গাঁৱৰ ৰবাৰ্ট ফুকন আৰু বৰ্ষা ফুকনৰ জীয়াৰী ৷ প্ৰশিক্ষণৰ নামত প্ৰশিক্ষক পদ্ম জাইৰোৰ তত্বাৱধানত “উশ্বু মেছিনাৰী”ৰ এটা তৰ্জাৰ বেৰৰ কোঠাৰ সীমিত সুবিধাত কনমানী খেলুৱৈ মিংবীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অনুশীলন অব্যাহত ৰাখিছে ৷ মিংবী বৰফুকনে ২০২৩ বৰ্ষত চীনত অনুষ্ঠিত হোৱা এচিয়ান জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ষষ্ঠ স্থান লাভ কৰিছিল ৷ ২০২৪ বৰ্ষৰ মাৰ্চ মাহত ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হ’ব লগা উশ্বু ষ্টাৰ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিবলৈ পুনৰাই সুযোগ লাভ কৰিছে মিংবী বৰফুকনে ৷

ভাৰতীয় উশ্বু দলত স্থান লাভ কৰা কনিষ্ঠতম খেলুৱৈৰূপে বিবেছিত হৈছে মিংবী ৷ অহা ২৭ ফেব্ৰুৱাৰীত ভাৰতীয় দলৰ সৈতে খেলুৱৈ গৰাকী মস্কোলৈ ৰাওনা হ’ব ৷দ্বিতীয় বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ স্থান লাভ কৰা মিংবী বৰফুকনক চতিয়াৰ সকলো দল – সংগঠনৰ লগতে গুনমুগ্ধই শুভেচ্ছা জনোৱাৰ লগতে দেশৰ হৈ উজ্বলি উঠাৰ কামনাৰে আশিষ প্ৰদান কৰিছে।

Leave A Reply