Breaking

হাজো সমষ্টিৰ কুলহাটীত শ্ৰী শ্ৰী দুৰ্গা পূজা শতবাৰ্ষিকী উপলক্ষ্যে ৰাইজৰ উদ্যোগত অনুষ্ঠিত সাংস্কৃতিক শোভাযাত্ৰাত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক।

0 95

কুলহাটী ৰাইজৰ উদ্যোগত শ্ৰী শ্ৰী দুৰ্গা পূজা শতবাৰ্ষিকী উপলক্ষ্যে এক সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হয়। এই শোভাযাত্ৰাত কুলহাটীকে ধৰি বৃহত্তৰ হাজো অঞ্চলৰ ৰাইজে অংশ গ্ৰহন কৰে। এশটা বছৰ অতিক্ৰম কৰা এই দুৰ্গা পূজাক লৈ ৰাইজৰ মাজত ব্যাপক উছাহ। তাৰ মাজতে এই শোভাযাত্ৰাই এক অন্য মাত্ৰা প্ৰদান কৰিলে।

এই শোভাযাত্ৰাত অংশ গ্ৰহন কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিজেপিৰ ৰাজ্যিক কাৰ্যবাহী সদস্য ৰাতুল শৰ্মা,ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা আশা বৰদলৈ,ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক নিবাৰণ লহকৰ উপস্থিত থাকে।

দিনজোৰা কাৰ্যসূচীৰ অন্তত সন্ধিয়া এক বিশেষ অনুষ্ঠানত অংশ গ্ৰহন কৰে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক

এই শোভাযাত্ৰাত বিশেষ অতিথি হিচাপে উপস্থিত আছিল অসমৰ খ্যাতিমন্ত গায়ক ভৃগু কাশ্যপো। সকলোৱে একত্ৰে এই শোভাযাত্ৰাৰ জৰিয়তে অনাগত সময়ত মা দুৰ্গাই ৰাজ্যখনৰ মংগল কৰাৰ কামনা কৰে।

সকলোৱে মা দূৰ্গাই সকলোৰে দিনবোৰ সুন্দৰ কৰি তোলক তাকেই মা-দূৰ্গাৰ ওচৰত প্ৰনিপাত জনাই🙏🏻

Leave A Reply