Breaking

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত ক্ৰিকেটৰ মহাৰণ, খেলৰ পূৰ্বে সংগীত, এয়াৰ শ্ব’ৰ বিশাল আয়োজন

0 43

দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপৰ বহু প্ৰতিক্ষীত ফাইনেল খেল। বিশ্বকাপৰ ফাইনেল খেলত কেৱল খেলেই নাথাকে, থাকিব সংগীতৰ লগতে আন বহু বিনোদনৰ ব্যৱস্থা। অনুষ্ঠাত সংগীত পৰিবেশন কৰিব প্ৰীতম আৰু জোনিতা গান্ধীয়ে ।খেল উপভোগ কৰিবলৈ ষ্টেডিয়ামত উপস্থিত থাকিব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেল খেলখনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে কৈছে যে খেলখনৰ পূৰ্বে দৰ্শকৰ বাবে বহু কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। ভাৰতৰ কিংবদন্তী গায়ক প্ৰীতম চক্ৰৱৰ্তী আৰু জোনিতা গান্ধীয়ে চূড়ান্ত খেলখনত সংগীত পৰিবেশন কৰিব।কেৱল সেয়াই নহয়, ভাৰতীয় বায়ু সেনাই চূড়ান্ত খেলখনৰ সময়ত এয়াৰ শ্ব’ কৰিব।

বিচিচিআইয়ে প্ৰকাশ কৰা মতে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চূড়ান্ত খেলখনৰ পূৰ্বে ভাৰতীয় বায়ু সেনাই এয়াৰ শ্ব’ অনুষ্ঠিত কৰিব। ইয়াৰ পিছত, আদিত্য গাধৱীয়ে সংগীত পৰিেশন কৰিব। আদিত্যৰ এটা গান শেহতীয়াকৈ যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। সেয়া এটা গুজৰাটী গান। চূড়ান্ত খেলখনৰ প্ৰথম ইনিংছ শেষ হোৱাৰ পিছত বহুতো শিল্পীয়ে নানান কাৰ্যসূচী প্ৰদৰ্শন কৰিব। শিল্পী প্ৰীতম, জোনিতা, নাকাশ আজিজ, অমিত মিশ্ৰ, আকাচা সিং আৰু তুষাৰ যোশীয়ে সংগীত পৰিবেশন কৰিব। সংগীতৰ উপৰি লেজাৰ আৰু লাইট শ্ব’ও প্ৰদৰ্শন কৰা হ’ব। উল্লেখ্য ছেমি ফাইনেলত ভাৰতে নিউজিলেণ্ডক ৭০ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। টীম ইণ্ডিয়াই এই প্ৰতিযোগিতাখনত ছেমি ফাইনেলৰ আগতে ৯ খন মেচ খেলিছিল আৰু আটাইকেইখনতে জিকিছিল। ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ফাইনেলত প্ৰৱেশ কৰিছিল।

Leave A Reply