Breaking

আজি কিং খানৰ কন্যা তথা অভিনেত্ৰী সুহানা খানৰ জন্মদিন, ২৪ বছৰীয়া জন্মদিনত কোনে কোনে শুভকামনা জনালে সুহানাক…

0 58

আজি কিং খানৰ কন্যা তথা অভিনেত্ৰী সুহানা খানৰ জন্মদিন। ২৪ বছৰীয়া হ’ল সুহানা খান। পিতৃ শ্বাহৰুখ খানৰ দৰে চলচ্চিত্ৰ জগতত নাম অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই যদিও সুহানাৰ সৌন্দৰ্য্য দ্বাৰা যথেষ্ট লাইমলাইট লাভ কৰা দেখা গৈছে। চুহানা খানৰ জন্মদিন উপলক্ষে সুহানা খানৰ কিছুমান মৰমলগা ছবি আৰু ২৪ বছৰীয়া জন্মদিনত কোনে কোনে শুভকামনা জনালে জানো আহক-

২০০০ চনৰ ২২ মে’ত জন্মগ্ৰহণ কৰিছিল সুহানা খানে। আজি সুহানাই ২৪ সংখ্যক জন্মদিন পালন কৰিছে। ষ্টাইলিছ লুকেৰে বি-টাউনৰ আন অভিনেত্ৰীক পিছ পেলাইছে সুহানাই।

২৪ বছৰীয়া জন্মদিনত সুহানাক মৰমেৰে বান্ধৱী অনন্যা পাণ্ডেয়ে শুভেচ্ছা জনালে-

পৰম্পৰাগতৰ লগতে পশ্চিমীয়া ৰূপতো চুহানা খানক বহুত ধুনীয়া দেখা গৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে চুহানাৰ প্ৰতিটো ষ্টাইলিছ লুক। যেতিয়াই শ্বাহৰুখ খানৰ প্ৰিয়জনক কোনো পাৰ্টি বা অনুষ্ঠানত দেখা যায় তেতিয়াই তেওঁ নিজৰ ফেশ্বন চেন্সৰ সৈতে লাইমলাইটত থাকে।

Leave A Reply