Breaking

গহপুৰত বিভিন্ন দল-সংগঠনৰ উদ্যোগত শ্বহীদ দিৱসৰ আয়োজন

0 558

আজি শ্বহীদ দিৱস, গহপুৰত বিভিন্ন দল-সংগঠনৰ উদ্যোগত শ্বহীদ দিৱসৰ আয়োজন।শ্বহীদ দিৱসৰ দিনটোত কনকলতা আৰু মুকুন্দ কাকতিৰ বীৰত্ব,ত্যাগ আৰু পৰাক্ৰমক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে । গহপুৰত উপস্থিত হ’য় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।আজি শ্বহীদ দিৱস। ২০ ছেপ্টেম্বৰৰ দিনটোতে শ্বহীদ হৈছিল ভাৰত ত্যাগ আন্দোলনৰ সেনানী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি। শ্বহীদ দিৱসৰ দিনটোত কনকলতা আৰু মুকুন্দ কাকতিৰ বীৰত্ব, ত্যাগ আৰু পৰাক্ৰমক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে।গহপুৰত বিভিন্ন দলসংগঠনৰ লগতে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে শ্বহীদ দিৱসৰ।


১৯৪২ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনৰ সেনানী হিচাপে বৰঙাবাৰীৰ কনকলতা বৰুৱা আৰু শ শ মুক্তিযুঁজাৰু গহপুৰ আৰক্ষী থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ ওলাই আহিছিল। সেই সময়তে গহপুৰ থানাৰ সমুখত ব্ৰিটিছ আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল কনকলতা বৰুৱা।কনকলতা গুলীবিদ্ধ হৈ মাটিত ঢলি পৰাৰ পিছত ত্ৰিৰংগাখন খামুচি ধৰি আগুৱাই গৈছিল মুকুন্দ কাকতি। তাৰ পিছতে মুকুন্দ কাকতিয়েও ব্ৰিটিছৰ আৰক্ষীৰ গুলীত মৃত্যুক সাবটি লৈছিল। কিন্তু দেশমাতৃৰ বাবে আত্মবলিদান দিয়া বীৰাংগনা কনকলতা বৰুৱা আৰু বীৰ মুকুন্দ কাকতিৰ পৰিয়াল আজিও অৱহেলিত চৰকাৰী সা-সুবিধাৰ পৰা যি দৰে শ্বহীদ পৰিয়াল কেইটাই চৰকাৰৰ সা সুবিধা লাভ কৰিব লাগিছিল কিন্তু তেনে দৰে সা সুবিধা আজিও লাভ নকৰিলে পৰিয়াল কেইটাই।কিন্তু গহপুৰ বিভিন্ন দল সংগঠনে শ্বহীদ কনকলতা বৰুৱা নামত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

ইফালে গহপুৰৰ মাজ মজিয়াত থকা শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ যুগল আৱক্ষ মূৰ্তি সুন্দৰকৈ সজোৱা লগতে পুৱাই গহপুৰ মহকুমাধিপতি দ্বীপন বৰ্মণ,বিধায়ক উৎপল বৰা লগতে বিভিন্ন জনে পু্ষ্পাঞ্জলি বন্তি প্ৰজ্বলন কৰে।আনহাতে বিশ্বনাথ জিলা প্ৰশাসনে আয়োজন কৰা শ্বহীদ দিৱসৰ মুকলি সভাত বিয়লি ভাগত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।
উপস্থিত থাকি দুয়ো গৰাকীৰ শ্বহীদক প্ৰণাম জনাব। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১০০ খন বিচনাযুক্ত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয় আৰু ঘাঁহিগাওঁ ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন কৰিব।

Leave A Reply