Breaking

আজি নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্মদিন…

0 95

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধিসূচনা অনুসৰি (২০২১) নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী ২৩ জানুৱাৰীত পৰক্ৰম দিৱস হিচাপে পালন কৰা হৈছে। ইফালে সমগ্ৰ দেশতে নেতাজী সুভাষ চন্দ্ৰ বসু জয়ন্তী ২০২৩ উদযাপন কৰা হৈছে। নিঃসন্দেহে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত চিৰদিনৰ বাবে সোণালী আখৰেৰে লিখা নামৰৰ ভিতৰত নেতাজী সুভাষ চন্দ্ৰ বসু সৰ্বশ্ৰেষ্ঠ। তেওঁ দেশৰ বাবে যি ধৰণে কাম কৰিছিল, ইংৰাজ শাসনৰ বিৰুদ্ধে দেশবাসীক জগাই তুলিছিল, সেয়া আন কোনো ব্যক্তিৰ বাবে সম্ভৱ নাছিল।

যদিও তেওঁৰ মৃত্যুৰ তাৰিখক লৈ বহুতো বিতৰ্কিত তত্ত্ব আছে। কিন্তু এটা কথা আছে; দেশপ্ৰেম কেতিয়াও মৰি নাযায়। প্ৰতিজন ভাৰতীয়ৰ অন্তৰত তেওঁ চিৰদিনৰ বাবে অস্তিত্ব ৰক্ষা কৰি থাকিব। আজি ২৩ জানুৱাৰীত তেওঁৰ জন্মদিনত সমগ্ৰ জাতিয়ে তেওঁক স্মৰণ কৰে। আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসু জয়ন্তী পালন কৰা হয় যাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰক্ৰম দিৱাস বুলিও নাম দিছিল। গতিকে এই বিশেষ দিনটোত নেতাজীৰ জন্মদিনত আমি বিশেষ শ্ৰদ্ধাঞ্জলি জনাইছো।

Leave A Reply