Breaking

আজি শিক্ষক দিৱস

0 2,950

গুৰু ব্ৰহ্মা , গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ ।
গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈশ্ৰী গুৰুৱে নম:।।
আজি ৫ চেপ্তেম্বৰ শিক্ষক দিৱস। স্বাধীন ভাৰতৰ উপৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিন উপলক্ষে তেওঁক স্মৰণ কৰি এই পবিত্ৰ শিক্ষক দিৱস পালন কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলে উদযাপন কৰিব নোৱাৰা ক’ৰণা কালৰ এইটো দ্বিতীয়তম শিক্ষক দিৱস। পূৰ্বৰ দৰে শিক্ষক দিৱস উপলক্ষে কৰা কাৰ্যসূচীৰ এতিয়া বিপৰীত দৃশ্য বিদ্যালয় সমূহত বিৰাজ কৰিছে।এক নিমাও মাও পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয় তথা মহাবিদ্যালয়সমূহত।
আজিৰ এই পবিত্ৰ ক্ষণত গুৰুৰ আশীষ ল’বলৈও সৌভাগ্য নহ’ল শিক্ষাৰ্থীসকলৰ। ক’ৰণা কালৰ বাবে বিদ্যালয় তথা মহাবিদ্যালয়সমূহ বন্ধ থকাৰ বাবেই পূৰ্বৰ তুলনাত এতিয়া শিক্ষাৰ্থীসকলৰ মাজত নাই কোনো উৎসাহ আৰু উদ্দীপনা।

Leave A Reply