Breaking

আজি ভাৰতীয় জনতা পাৰ্টিৰ ৪৪তম প্ৰতিষ্ঠা দিৱস…

0 102

আজি ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। ১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টি আৰম্ভ হৈছিল। আজি ভাৰতীয় জনতা পাৰ্টিৰ ৪৪তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। ১৯৮০ চনৰ আজিৰ দিনটোতে বিজেপি গঠন হৈছিল। ইয়াৰ পূৰ্বে ইয়াৰ নাম আছিল জন সংঘ যি ১৯৭৭ চনত জনতা পাৰ্টিৰ সৈতে একত্ৰিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰি কয় যে, “এই দলটো গঢ়ি তোলা আৰু বৃদ্ধিৰ বাবে তেজ দিয়া সেই মহান ব্যক্তিসকলৰ ওচৰত মই মোৰ মূৰ দোৱাইছো।”

বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত দলীয় কৰ্মী সকলক সম্বোধন কৰি তেওঁ কয় যে আজি আমি দেশৰ চুকে-কোণে ভগৱান হনুমানৰ জন্ম বাৰ্ষিকী উদযাপন কৰিছো। আজিও হনুমানৰ জীৱনে আমাক ভাৰতৰ উন্নয়ন যাত্ৰাত অনুপ্ৰাণিত কৰে। ‘ভাৰতে নিজৰ সুপ্ত শক্তি উপলব্ধি কৰিছে’।


প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সাগৰৰ দৰে মহাশক্তিক প্ৰতিহত কৰিবলৈ পূৰ্বতকৈ অধিক সাজু। হনুমানয়ে নিজৰ বাবে একো নকৰে, আনৰ বাবে সকলো কাম কৰে। যেতিয়া হনুমানয়ে অসুৰৰ মুখামুখি হ’বলগীয়া হৈছিল, তেতিয়া তেওঁ অতি কঠোৰ হৈ পৰিছিল, একেদৰে ভাৰতত আইন আৰু দুৰ্নীতিৰ কথা আহিলে বিজেপি কঠোৰ হৈ পৰে।

Leave A Reply