Breaking

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ আজি ৫৪ সংখ্যক জন্মদিন। মাজনিশা উদযাপন কৰিলে জন্মদিন…

0 63

কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ আজি ৫৪ সংখ্যক জন্মদিন। আজি ৰবাৰ্ট ভাদ্ৰাৰ জন্মদিনত প্ৰিয়ংকা-ৰাহুলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে জন্মদিন উদযাপনৰ ফটো।

ৰবাৰ্ট ভাড্ৰাৰ জন্মদিন উপলক্ষে কিছু ছবি পোহৰলৈ আহিছে। এই ছবিবোৰত তেওঁক পৰিয়ালৰ সৈতে নিশা জন্মদিন উদযাপন কৰা দেখা গৈছে।ছবিত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীও আছে। ফটোত প্ৰিয়ংকাই ক’লা চুট আৰু ৰাহুল গান্ধীয়ে বগা টি-চাৰ্ট পিন্ধি থকা দেখা গৈছে।

ছবিবোৰত জন্মদিন উদযাপনৰ সময়ত বহু লোকক দেখা গ’ল। ৰবাৰ্ট ভাড্ৰাক বৰ সুখী যেন লাগিছে। ১৯৬৯ চনৰ ১৮ এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল ভাদ্ৰাই। তেওঁৰ পিতৃৰ পৰিয়াল উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাত বাস কৰে।প্ৰিয়ংকা গান্ধীয়ে স্বামীৰ জন্মদিনত কেক কাটিলে। ফটোত প্ৰিয়ংকা গান্ধীকো বৰ ধুনীয়া আৰু সুখী দেখা গৈছে।

Leave A Reply