Breaking

আজি ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২সংখ্যক পুণ্যতিথি ….

0 61

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২সংখ্যক পুণ্যতিথি উপলক্ষে আজি নৱগ্ৰহস্থিত তেখেতৰ সমাধিস্থলত বৰেণ্য সত্তাগৰাকীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।

ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ ওচৰত অসম চিৰ ঋণী। তেখেতৰ নিৰ্ণায়ক ভূমিকাৰ বাবেই অসম ভাৰতৰ এক অপৰিহাৰ্য অংগ হিচাপে পৰিচিত হৈছিল। গ্ৰুপিং নীতিৰ বিৰুদ্ধে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰিলে অসম পূৰ্বৰ পূব পাকিস্তান আৰু এতিয়া বাংলাদেশৰ সৈতে সংযুক্ত হ’লহেঁতেন।

স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰা আমাৰ দেশৰ স্বাধীনতাতো তেখেতে এক মহৎ ভূমিকা পালন কৰিছিল। অসমৰ স্বকীয় পৰিচয় প্ৰদান কৰে।

আজিৰ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শ্ৰীমৃগেন শৰণীয়া, উপ-পৌৰপতি শ্ৰীস্মিতা ৰায়, গোপীনাথ বৰদলৈদেৱৰ পুত্ৰ শ্ৰীবলিন বৰদলৈদেৱৰ লগতে আন ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply