Breaking

আজি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ জন্মদিন। ইলন মাস্কৰ তিনিও পত্নীয়ে জনালে জন্মদিনৰ শুভেচ্ছা…

0 140

আজি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ জন্মদিন। তেওঁ উপাৰ্জনৰ বিষয়ে জানেনে। টেছলাৰ মালিকৰ পৰা টুইটাৰৰ মুৰব্বীলৈকে ইলন মাস্কে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । আজি ইলন মাস্কে ৫২ বছৰত ভৰি দিলে। বৰ্তমান ইলন মাস্ক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হৈয়ে আছে আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ২১৯ বিলিয়ন ডলাৰ (ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি)। চলিত বৰ্ষত এতিয়ালৈকে তেওঁ ৮১.৮ বিলিয়ন ডলাৰ সম্পত্তি লাভ কৰিছে আৰু টুইটাৰৰ কমাণ্ড নতুন চিইঅ’ লিণ্ডা ইয়াকাৰিনোক অৰ্পণ কৰাৰ পিছত তেওঁ টেছলা আৰু স্পেচএক্সৰ ওপৰত মনোযোগ দিছে।

১৯৭১ চনৰ ২৮ জুনত জন্মগ্ৰহণ কৰা ইলন মাস্ক কেৱল নিজৰ ধন-সম্পত্তিৰ বাবেই নহয় ব্যক্তিগত জীৱনৰ বাবেও শিৰোনাম দখল কৰি আছে। তেওঁ তিনিবাৰ বিবাহ কৰাইছে আৰু তেওঁৰ প্ৰথম বিবাহ ২০০০ চনত কানাডাৰ লেখিকা জাষ্টিন উইলছনৰ সৈতে হৈছিল। ২০০৪ চনত জাষ্টিন উইলছনে যমজ সন্তান গ্ৰীফিন আৰু জেভিয়াৰ মাস্কক জন্ম দিয়ে। ইয়াৰ পিছত ২০০৬ চনত উইলছনে তিনিটা ল’ৰা সন্তান জন্ম দিয়ে। মাস্কে তেওঁলোকৰ নাম ৰাখিলে কাই, চেক্সন আৰু ডেমিয়ান মাস্ক। ২০০৮ চনত মাস্কে উইলছনৰ সৈতে বিবাহ বিচ্ছেদ কৰে।

ইয়াৰ পিছত ২০১০ চনত ইলন মাস্কে আমেৰিকান অভিনেত্ৰী টালুলা ৰাইলীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল দুবছৰৰ পিছতহে অৰ্থাৎ ২০১০-২০১২ চনৰ ভিতৰত তেওঁলোকৰ বিবাহ হৈছিল। কিন্তু ২০১৩ চনত মাস্কে টালুলা ৰাইলীৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয় আৰু ২০১৬ চনত পুনৰ বিবাহ বিচ্ছেদত শেষ হয়। ইয়াৰ পিছত মাস্কে দীৰ্ঘদিন ধৰি চিংগাৰ গ্ৰাইমছৰ সৈতে ডেটিং কৰিছিল আৰু দুয়োৰে এজন পুত্ৰ সন্তান আছে, যাৰ নাম X AE A-XII। ২০২২ চনৰ মাৰ্চ মাহত গ্ৰাইমছে প্ৰকাশ কৰে যে তেওঁ আৰু মাস্কে ২০২১ চনৰ ডিচেম্বৰ মাহত এজন চেৰ’গেটৰ সহায়ত তেওঁলোকৰ প্ৰথম কন্যা এক্সা ডাৰ্কক জন্ম দিছিল।

ইলন মাস্কে ৱাটাৰক্লুফ হাউচ প্ৰিপেৰেটৰী স্কুল আৰু ব্ৰাইয়ানষ্টন হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ১৭ বছৰ বয়সত ইলন মাস্ক কানাডালৈ গুচি যায়। তাত তেওঁ কুইনছ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু দুবছৰৰ পাছত পেনচিলভেনিয়া বিশ্ববিদ্যালয়লৈ গুচি যায় আৰু তাৰ পৰাই অৰ্থনীতি আৰু পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে, তাৰ পিছত ১৯৯৫ চনত কেলিফৰ্ণিয়ালৈ গৈ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে।

২০২১ চনৰ জানুৱাৰী মাহত ১৮৫ বিলিয়ন ডলাৰৰ সম্পত্তিৰে মাস্কে আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছক পিছ পেলাই বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হয়। ২০২১ চনৰ নৱেম্বৰ মাহত মাস্ক ৩০০ বিলিয়ন ডলাৰতকৈ অধিক সম্পত্তিৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়।

Leave A Reply