Breaking

আজি ভাৰতীয় ক্ৰিকেট দলৰ যুৱ বেটছমেন যশস্বী জয়ছৱালৰ জন্মদিন, ২২ বছৰীয়া হ’ল যুৱ বেটছমেনগৰাকী…

0 29

ভাৰতীয় ক্ৰিকেট দলৰ যুৱ বেটছমেন যশস্বী জয়ছৱালে আজি ২২ সংখ্যক জন্মদিন পালন কৰিছে। ২০২৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটোৱা জয়ছৱালে প্ৰথমখন খেলতে শতক অৰ্জন কৰিছিল। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক মেচখনৰ প্ৰথম ইনিংছত বাওঁহাতৰ ভাৰতীয় অ’পেনাৰগৰাকীয়ে ১৭১ ৰানৰ ইনিংছ খেলিছিল। এই ইনিংছৰ জৰিয়তে তেওঁ প্ৰাক্তন ভাৰতীয় কিংবদন্তি বীৰেন্দ্ৰ ছেহৱাগৰ ঐতিহাসিক অভিলেখৰ সমান কৰে। এছিয়াৰ বাহিৰত টেষ্টত অভিষেক ঘটোৱাৰ সময়ত শতক অৰ্জন কৰা দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় জয়ছোৱাল। যশস্বীয়ে ভাৰতৰ হৈ টেষ্ট আৰু টি-২০ ক্ৰিকেট খেলে। ভাৰতৰ হৈ জয়ছৱালে এই পৰ্যন্ত ভাল প্ৰদৰ্শন আগবঢ়াইছে। দক্ষিণ আফ্ৰিকা ভ্ৰমণত খেলি থকা টেষ্ট শৃংখলাতো জয়ছোৱাল টিম ইণ্ডিয়াৰ অংশ। জয়ৱালে ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলত খেলে। ২০২৩ চনৰ আই পি এলত ৰাজস্থানৰ হৈ তেওঁ আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছিল।

জয়ছৱালে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত এই পৰ্যন্ত ২ খন টেষ্ট আৰু ১৫ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। টেষ্টৰ ৩ ইনিংছত তেওঁ ৮৮.৬৬ গড়ে ২৬৬ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ নিজৰ বেটৰ পৰা ১ শতক আৰু ১টা অৰ্ধশতক অৰ্জন কৰিছে। টেষ্টত জয়ছোৱালৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১৭১ ৰান, যিটো তেওঁ নিজৰ অভিষেক ইনিংছতে লাভ কৰে। ইয়াৰ উপৰিও টি-২০ ইণ্টাৰনেশ্যনেলৰ ১৪টা ইনিংছত ৩৩.০৭ গড়ে ৪৩০ ৰান আৰু ১৫৯.২৫ ষ্ট্ৰাইক ৰেটত ১টা শতক আৰু ৩টা অৰ্ধশতক অৰ্জন কৰিছে। টি-২০ত তেওঁৰ উচ্চ স্ক’ৰ হৈছে ১০০ ৰান।


Leave A Reply