Breaking

আজি পুনীথ ৰাজকুমাৰৰ ওপজা দিন! মৃত্যুৰ সময়তো মহান কাম কৰি গৈছিল অভিনেতা পুনীথ ৰাজকুমাৰে…

0 82

পুনীত ৰাজকুমাৰ বাস্তৱ জীৱনতো নায়ক আছিল, অভিনেতাজনে মৃত্যুৰ আগত কি কাম কৰিছিল কৰিছিল জানেনে? ২০২১ চনত হাৰ্ট এটেকত আক্ৰান্ত হৈ পুনীথ ৰাজকুমাৰৰ মৃত্যু হয়। পুনীতৰ বিদায়ত সমগ্ৰ চিনেমা জগতখন স্তম্ভিত হৈ পৰিছিল।দক্ষিণৰ বিখ্যাত অভিনেতা পুনীত ৰাজকুমাৰ আজি এই পৃথিৱীত নাই, তেওঁ থকা হ’লে আজি ৪৯ সংখ্যক জন্মদিন পালন কৰিলেহেঁতেন। অৱশ্যে এই তাৰকাজনৰ ছবি আৰু হাঁহিমুখীয়া মুখখন এতিয়াও অনুৰাগীয়ে পাহৰা নাই। পুনিতে শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু মুখ্য অভিনেতা হিচাপে বহু ছবিত অভিনয় কৰি অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিছিল। আজি জন্ম বাৰ্ষিকীত আমি আপোনালোকক জনাম যে পুনিতে বাস্তৱ জীৱনতো বীৰত্বপূৰ্ণ কাম কৰিছে। পুনীত কেৱল এজন ভাল অভিনেতাই নাছিল, এজন ভাল গায়কও আছিল। ২০০২ চনত ‘অপ্পু’ ছবিৰ জৰিয়তে অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল পুনিতে। এই ছবিখনত পুনীতেও প্ৰথমবাৰৰ বাবে এটি গীত গাইছিল, যিটো গীত দৰ্শকে ভাল পাইছিল।

শিশু শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ হৈছিল প্ৰয়াত অভিনেতা পুনীতে সৰুৰে পৰা অভিনয়ৰ প্ৰতি আকৰ্ষিত আছিল। শিশু শিল্পী হিচাপেও বহু ছবিত কাম কৰিছিল। অভিনয়ৰ ভিত্তিত পুনিতে ১৯৮৫ চনত শ্ৰেষ্ঠ শিশু শিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে। ৩০ খনতকৈও অধিক কানাড়া ছবিত কাম কৰা পুনীথৰ বহু ছবিয়ে অভিলেখ ভংগ কৰিলে। অভিনেতা গৰাকীৰ অনুৰাগীয়ে মৰমেৰে তেওঁক আপ্পু বুলি মাতিছিল। মত্যুৰ সময়তো পুনীত ৰাজকুমাৰে বহু উদাৰ কাম কৰি গৈছিল। পিতৃ ডাঃ ৰাজকুমাৰক অনুসৰণ কৰি তেওঁ চকু দান কৰাৰ সিদ্ধান্ত লৈছিল। পুনীতৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে তেওঁৰ চকু দান কৰিছিল।

Leave A Reply