Breaking

আজি বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ৭ ঘন্টা অন্ধকাৰত ডুবিব পৃথিৱী…

0 1,327

আজি বছৰটোৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। আজিৰ সূৰ্যগ্ৰহণৰ অন্যতম বৈশিষ্ট্য হৈছে দীৰ্ঘ সময় ধৰি পৃথিৱীক অন্ধকাৰত ৰখা কাৰ্য। ইতিমধ্যে সূৰ্যগ্ৰহণক লৈ উৎসুক হৈ পৰিছে বিশ্বৰ বিজ্ঞানী সকল। আজি দিনৰ ২ বাজি ১২ মিনিটৰ পৰা আৰম্ভ হবলগীয়া সূৰ্যগ্ৰহণ ৭ মিনিট ১৪ ছেকেণ্ড জুৰি অব্যাহত থাকিব। বৈজ্ঞানিক সকলে প্ৰকাশ কৰামতে এই সময়চোৱাত সূৰ্যৰ পোহৰ নপৰিব পৃথিৱীত। অবশ্যে ৫০ বছৰৰ পিছত সৃষ্টি হোৱা এই মহাজাগতিক তথা বিৰল দৃশ্য প্ৰত্যক্ষ কৰাৰ পৰা বঞ্চিত হব ভাৰতবাসী। আনহাতে বৈজ্ঞানিক সকলে প্ৰকাশ কৰামতে কাইলৈ চন্দ্ৰটোক বহুগুণ ডাঙৰ দেখাৰ লগতে সূৰ্যক বহুগুণ সৰু দেখা যাব। আমেৰিকা মেক্সিকো আদি ৰাষ্ট্ৰ নাগৰিকে সম্পূৰ্নকৈ প্ৰত্যক্ষ কৰিব পাৰিব এই মহাজাগতিক পৰিঘটনা। উল্লেখ্য যে ভাৰতত সূৰ্যগ্ৰহণৰ প্ৰভাব নপৰিলেও জ্যোতিষ বিজ্ঞানী সকলে সূৰ্যগ্ৰহণৰ সময়চোৱাত কিছু নিয়ম মানি চলিবলৈ আহ্বান জনাইছে। গ্ৰহনৰ সময়চোৱাত খোৱা-বোৱা কৰাত বাধা প্ৰদান কৰিছে জ্যোতিষ বিজ্ঞানী সকলে।

আনহাতে জনপ্ৰবাদ মতে সাগৰ মন্থনৰ সময়ত উৎপন্ন হোৱা অমৃত ভগৱান বিষ্ণুৱে দেৱতা সকলক বিতৰণ কৰাৰ বিপৰীতে অসুৰ সকলক খাবলৈ দিয়া নাছিল। ৰাহু আৰু কেতু নামৰ অসুৰ এটাই এই ঘটনা প্ৰত্যক্ষ কৰি দেৱতাৰ ৰূপ ধৰি অমৃত পান কৰিছিল। কিন্তু আসুৰৰ কাৰ্য উমান পাই বিষ্ণুৱে সুদৰ্শন চক্ৰৰ দ্বাৰা অসুৰটোক হত্যা কৰে যদিও অমৃত পান কৰা বাবে অমৰ হৈ থাকে। চন্দ্ৰ আৰু সূৰ্যই অসুৰটোক ধৰা পেলাইছিল বাবে ৰাহু আৰু কেতুৱে চন্দ্ৰ আৰু সূৰ্যক গিলি পেলায়। এই সময়চোৱাকেই গ্ৰহন বুলি প্ৰবাদ চলি আহিছে। যি নহওঁক বিজ্ঞানী সকলৰ মতে এইয়া মহাকাশত সংঘটিত এক ঘটনা। চন্দ্ৰ বা সূৰ্যক গ্ৰহই ঢাকি ধৰা সময়ক গ্ৰহন বুলি কোৱা হয়। উল্লেখ্য যে ইতিপূৰ্বে হৈ যোৱা চন্দ্ৰ গ্ৰহন প্ৰত্যক্ষ কৰাৰ পৰাও বঞ্চিত হৈছিল দেশবাসীৰ লগতে ৰাজ্যবাসী।

Leave A Reply