Breaking

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক ৰঙিয়া অধিৱেশনৰ আজি অন্তিম দিন ! অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

0 55

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশন খনৰ আজি সামৰণি দিনটোত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত আয়োজিত মুকলি সভাখনত অংশগ্ৰহণ কৰিবলৈ পাই সঁচাকৈ মনত আনন্দ অনুভৱ কৰিলে ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। আজিৰ মুকলি সভাত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা বহুমূলীয়া তথা সাৰুৱা বক্তব্যই আপ্লুত কৰি তুলিছে।


“এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ” ~ মাৰ্গদৰ্শনেৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই নৱবৈষ্ণৱ ধৰ্মৰ পৱিত্ৰ শলিতা জ্বলাই আৰু কু-সংস্কাৰৰ অৱসান ঘটোৱাৰ লগতে অসমৰ জাতীয় জীৱনলৈ যি যুগান্তকাৰী পৰিৱৰ্তন আনিলে, সেইয়া আমি কাৰো সৈতে তুলনা কৰিব নোৱাৰো।


সৰ্বগুণাকৰ গুৰুজনাৰ মহান আদৰ্শেৰে প্ৰতিষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক এই পৱিত্ৰ ৰঙিয়া অধিৱেশনখনত প্ৰথম দিনটোৰ পৰা আজি অন্তিম দিনটোও অগণন ভক্ত প্ৰাণ ৰাইজৰ পদধূলি আৰু গুৰুজনাৰ ভক্তি-বন্দনাৰে মুখৰিত দৃষ্টিনন্দন পৰিৱেশত দেখি সঁচাকৈ অভিহিত ভৱেশ কলিতা ।


গুৰুজনাই দি যোৱা অমৃত বাণীসমূহক সাৰোগত কৰি আমাৰ সমাজখনত শান্তি, সম্প্ৰীতি, আধ্যাত্মিকতা আৰু সমৃদ্ধিৰ ধাৰা অটুট ৰাখিব লাগিব। গুৰুজনাৰ আদৰ্শ নিষ্ঠাৰে পালন কৰিলেহে তেৰাৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰা হ’ব।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ সমন্বয় ক্ষেত্ৰ,হাতীখলা পথাৰ,মৰাণজানা-ভয়ৰা ৰঙিয়া

Leave A Reply