Breaking

প্ৰধানমন্ত্ৰী মোদীৰ বেংগালুৰুৰ ৰোড শ্ব’ৰ আজি দ্বিতীয় দিন। কৰ্ণাটকৰ নিৰ্বাচনক লৈ বিজেপিৰ ব্যাপক প্ৰচাৰ…

0 33

কৰ্ণাটকৰ বেংগালুৰুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড শ্ব’ত ব্যস্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে বেংগালুৰুত মেগা ৰোডশ্ব’ কৰি আছে। এই ৰোড শ্ব’ত অংশগ্ৰহণৰ বাবে এক বৃহৎ সংখ্যক লোক সমবেত হৈছে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে শিৱমোগ্গা আৰু মহীশূৰতো দুখনকৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰিব। ৰোড শ্ব’ত লোকশিল্পীসকলে বহু ধৰণৰ পৰিবেশন দাঙি ধৰে।

বিজেপি সমৰ্থকৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। ৰাজ্যত NEET পৰীক্ষাৰ দিন, গতিকে প্ৰধানমন্ত্ৰী মোদীয়ে পুৱা ১১.৩০ বজাৰ ভিতৰত ৰোডশ্ব’ৰ অন্ত পেলাব। প্ৰধানমন্ত্ৰীয়ে পুৱা ১০ বজাত নিউ টিপ্পাচন্দ্ৰ পথৰ কেম্পেগৌড়া প্ৰতিমূৰ্তিৰ পৰা আৰম্ভ কৰে ৰোডশ্ব’। আগদিনা প্ৰধানমন্ত্ৰী মোদীয়ে চহৰখনত ২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোডশ্ব’ কৰি দক্ষিণ বেংগালুৰুৰ বেছিভাগ অঞ্চল সামৰি লৈছিল।

Leave A Reply