Breaking

আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন T20 মেচ, বতৰক লৈ চিন্তিত হৈ পৰিছে ক্ৰিকেট অনুৰাগী…

0 46

ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ দক্ষিণ আফ্ৰিকা ভ্ৰমণত থকা টিম ইণ্ডিয়াৰ দ্বিতীয়খন টি-২০ মেচ গ্কেবাৰহাৰ ছেইণ্ট জৰ্জ পাৰ্কত অনুষ্ঠিত হ’ব আজি, কিন্তু এই মেচৰ পূৰ্বেও বতৰ বিজ্ঞান বিভাগে অনুৰাগীসকলক এক হতাশাজনক প্ৰতিবেদন দিছে।

এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮:৩০ বজাৰ পৰা আৰম্ভ হ’ব যদিও মেচ আৰম্ভ হোৱাৰ আগতেই ক্ৰিকেট অনুৰাগীসকল বতৰক লৈ চিন্তিত হৈ পৰিছে। কাৰণ এই টি-২০ ছিৰিজৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল হৈছিল, আৰু এটাও বল খেলিব পৰা নাছিল। সেয়ে অনুৰাগীয়ে এই দুটা ডাঙৰ দলৰ মাজত এখন ডাঙৰ মেচ চাবলৈ নাপালে। এতিয়া আজি দ্বিতীয়খন মেচ, আৰু এই মেচৰ আগতেও খেলপথাৰৰ ওপৰত ডাৱৰ।

দক্ষিণ আফ্ৰিকাৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি গ্কেবাৰহাত অনুষ্ঠিত হ’বলগীয়া টি-২০ মেচখনৰ সময়ত বৰষুণৰ সম্ভাৱনা ৬০ শতাংশ। গ্কেবাৰহাৰ তাপমাত্ৰা প্ৰায় ২১ ডিগ্ৰী চেলছিয়াছ হ’ব। এই খেলখন দক্ষিণ আফ্ৰিকাত স্থানীয় সময় অনুসৰি সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব।

Leave A Reply