Breaking

আজি বিশ্ব পৰ্যটন দিৱস…

0 114

আজি বিশ্ব পৰ্যটন দিৱস। আন্তঃৰাষ্ট্ৰীয় সমাজৰ সামাজিক-সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক মূল্যবোধক প্ৰভাৱিত কৰাত পৰ্যটনৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে পৰ্যটন দিৱস পালন কৰা হয়।প্ৰতি বছৰে মা কামাখ্যা ধামত অম্বুবাচীৰ সময়ত এক বৃহৎ সংখ্যক ধৰ্মীয় পৰ্যটকৰ সমাগম হয় ।

অসম চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰকৃতিৰ দ্বাৰাও ধন্য।

বৰ্ষাৰণ্যৰ পৰা আৰম্ভ কৰি ইয়াৰ অনন্য অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানলৈকে অসমত প্ৰতি বছৰে লাখ লাখ স্থানীয় আৰু বিদেশী পৰ্যটকৰ সমাগম হয়।

এইবাৰ পৰ্যটন দিৱসৰ মূল বিষয়বস্তু হৈছে “পৰ্যটনৰ পুনৰ্চিন্তন” – “Rethinking Tourism”। সেয়েহে আহক আমি পৰ্যটনৰ সকলো দিশ পুনৰ বিশ্লেষণ কৰি সেউজ সুন্দৰ পৃথিৱীখনৰ পৰিৱেশ তন্ত্ৰ সুকলমে বৰ্তাই ৰখাৰ বাবে বহনক্ষম পৰ্যটনক প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ দিশত কাম কৰোঁ।আজি বিশ্ব পৰ্যটন দিৱস উপলক্ষে কাজিৰঙাৰ কঁহৰাত অসমৰ বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শিত হোৱা এক সাংস্কৃতিক সমাৱেশত অংশ লয় পৰ্যটক মন্ত্ৰী জয়ন্ত মল্লবাৰুৱাই ।

Leave A Reply