Breaking

আজি বিশ্ব জল দিৱস…

0 26

বিশ্ব জল দিৱস প্ৰতি বছৰে ২২ মাৰ্চ তাৰিখে পালন কৰা হয় ৷ যুক্তৰাষ্ট্ৰৰ সাধাৰণ পৰিষদে ঘোষনা কৰা দিনৰে পৰা অৰ্থাৎ ১৯৯৩ চনৰে পৰা এই দিৱস সমগ্ৰ পৃথিৱীতে পালন কৰি আহিছে ৷ পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয় ৷ এই পানী খাল, বিল, জান, জুৰি, নদী, কুৱা, দমকল, হ্ৰদ, সাগৰ, মহাসাগৰ, আদিৰ পৰা পোৱা যায় ৷ বিভিন্ন উৎসৰ পৰা পোৱা পানীত আমাৰ শৰীৰৰ কাৰণে অপকাৰী বহুতো বীজানু থাকে যিবোৰে আমাৰ শৰীৰত বিভিন্ন বেমাৰ সৃষ্টি কৰে৷ সেয়েহে পৃথিৱীৰ অধিকাংশই বিশুদ্ধ খোৱাপানীৰ সমস্যাত ভুগিছে ৷ যুক্তৰাষ্ট্ৰৰ পৰা পোৱা তথ্যমতে প্ৰতি আঠজন মানুহৰ ভিতৰত এজন মানুহ নিৰাপদ খোৱাপানীৰ সমস্যাত ভুগে আৰু পাঁচজনৰ ভিতৰত এজন মানুহ সঠিক স্বাস্থ্য প্ৰণালীৰ অভাৱত ভোগে ৷ বিশ্ব জলদিৱসৰ দিনটোৱে বিশ্ববাসীক সঠিক স্বাস্থ্যপ্ৰণালী আৰু সঠিক স্বাস্থ্যৰ কথা সোঁৱৰাই দিয়ে ৷ স্বাস্থ্যৰক্ষা কৰাটো আমাৰ প্ৰতিজন ব্যক্তিৰে আৱশ্যকীয় কৰ্তব্য ৷ সেয়েহে পৰিষ্কাৰ পানী ব্যৱহাৰ কৰি সঠিক স্বাস্থ্যপ্ৰণালী ৰক্ষা কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব ৷ অশুদ্ধ পানী সেৱন কৰাৰ ফলত বিভিন্ন ৰোগ সৃষ্টি হয় ৷ মানুহ নাইবা জীৱজন্তুৰ মলমূত্ৰৰ পৰাএই ৰোগ সৃষ্টিকাৰী চকুৰে নেদেখা সূক্ষ্ম জীৱানুবোৰ পানীত মিহলি হয় ৷ আমাৰ মাজত এতিয়াও বহু নিযুত মানুহৰ উন্নত শৌচাগাৰ নাই ৷ সেয়ে পানীৰ দ্বাৰা হোৱা এই বেমাৰবোৰৰ সংখ্যা দিনকদিনে বাঢ়ি গৈছে ৷ এই বেমাৰবোৰ সম্পূৰ্ণৰূপে তালিকাভূক্ত কৰাটোও সম্ভৱ নহয় কাৰণ এই বেমাৰবোৰ নতুন নতুনকৈ উদ্ভৱ হৈয়ে আছে ৷ পানীৰ পৰা হোৱা কিছুমান বেমাৰ হ ‘ল চেলমনেল ‘চিচ, কলেৰা, ডায়েৰিয়া, মেলেৰীয়া, হেপাটাইচিচ A,ডেংগু জ্বৰ, নিউমোনিয়া, টাইফয়েড ইত্যাদি ৷ এই আটাইবোৰেই সংক্ৰামক ৰোগ ৷

প্ৰতিবছৰে মেলেৰীয়া ৰোগত আক্ৰান্ত হৈ প্ৰায় পাঁচ নিযুত লোক মত্যুমুখত পৰে ৷ ইয়াৰে এটা ডাঙৰ অংশ আফ্ৰিকা আৰু চাহাৰাৰ দক্ষিণ অংশৰ পাঁচ বছৰৰ তলৰ শিশু ৷ প্ৰতিবছৰে কমেও ৩৯৬.৫ নিযুত লোক মেলেৰীয়া আক্ৰান্ত হয় ৷ প্ৰাপ্তবয়স্ক সকলক ভিতৰত গৰ্ভৱতী মহিলাৰ সংখ্যা লেখত ল’বলগীয়া ৷ গ্ৰীষ্মপ্ৰধান অঞ্ছলত মেলেৰীয়া এটা প্ৰধান স্বাস্থ্যসম্পৰ্কীয় সমস্যা ৷ প্ৰাপ্ত তথ়্যমতে আফ্ৰিকাৰ দেশসমূহত যোৱা ৩০ বছৰত অৰ্থনীতি প্ৰতিবছৰে ১.৩% নিম্নগামী হৈছে এই বেমাৰবোৰৰ কাৰণেই ৷ ডায়েৰীয়া গোটেই পৃথিৱীব্যাপি হোৱা এটা ৰোগ ৷ মুঠ মৃত্যুৰ শতকৰা চাৰিভাগ ডায়েৰীয়াৰ কাৰণে হয় আৰু এই ৰোগৰ কাৰণে শতকৰা পাঁচভাগ শাৰিৰীকভাৱে অক্ষম হয় ৷ খোৱাপানীত থকা আৰ্চেনিকে কিছুমান ঠাইৰ স্বাস্থ্যপ্ৰণালীত ভয়াবহতাৰ সৃষ্টি কৰিছে আৰু মৃত্যুৰ সংখ়্যা বঢ়াইছে ৷ এচিয়াত ২০০৪ চনৰ ২৬ ডিচেম্বৰ দেওবাৰে হোৱা চুনামীৰ ফলত বহুতো পানীজনিত ৰোগে দেখা দিছিল ৷ shigelloses, কলেৰা, হেপাটাইটিছ A, leptospirosis, টাইফয়েড, মেলেৰীয়া আৰু ভয়াবহ ডেংগু জ্বৰো চুনামীৰ ফলশ্ৰুতিত হোৱা বানপানীৰ পাছতে সৃষ্টি হৈছিল ৷

জলাশয়বোৰ সংক্ৰমিত জীৱজন্তু আৰু মানুহৰ দ্বাৰা দূষিত হোৱাৰ কাৰণেই এই ৰোগবোৰ সংক্ৰমিত হয় ৷ যিবোৰঠাইৰ মানুহে খোৱাপানী বৰষুণ, নদী, জান, জুৰি আদিৰ পৰা সংগ্ৰহ কৰে সেইবোৰ মানুহৰ এই ৰোগবোৰ বেচি হয় ৷ পথাৰ , খাল, ডোং, পানী জমা হৈ থকা নলানৰ্দমা, মাটিৰ তলেৰে লেতেৰা পানী কঢ়িওৱা নলীৰ বিন্ধা ইত্যাদিয়ে ভূপৃষ্ঠৰ পানী দূষিত কৰে ৷ উপৰোক্ত উপায়বিলাকেৰে পেটৰ অসুখ , বমি আদি বেমাৰৰ লগতে কলেৰা, টাইফয়েদ আদিও হয় ৷ হাত ভালকৈ পৰিষ্কাৰ নকৰাকৈ আহাৰ খালেও বেমাৰ সংক্ৰমিত হ ‘ব পাৰে ৷ অকণমান সংস্পৰ্শত আহিলেও মলমূত্ৰত থকা বীজানুবিলাকে মানুহক আক্ৰমন কৰিব পাৰে ৷ এইবিলাকৰ পৰা হাত সাৰি থাকিবলৈ হ”লে মানুহৰ উন্নত স্বাস্থ্যসন্মত মানসিকতাৰ ব্যৱস্থা কৰিব লাগিব ৷ খোৱাপানী, গাধোৱা পানী আদি ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বণ কৰিব লাগে ৷ গৰমৰ দিনত ঘৰৰ ভিতৰত বা বাহিৰত আঠুৱা নতৰাকৈ শোৱাৰ কাৰণে এনোফিলিচ ম’হৰ আক্ৰমনৰ বলি হৈ মানুহ মেলেৰীয়াত আক্ৰান্ত হয় ৷ ম ‘হ আৰু কিছুমান বীজানুবাহক শামুক অপৰিষ্কাৰ নলানৰ্দমাত বাস কৰি তাতে জীৱনচক্ৰ সম্পূৰ্ণ কৰে ৷ গতিকে সেইবোৰ পৰিষ্কাৰ কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে ৷ বিশুদ্ধ পানীয়ে আমাক সুখ দিয়ে, আনন্দ দিয়ে ৷

বিশুদ্ধ আৰু পৰিষ্কাৰ পানীয়েই পানীৰ দ্বাৰা হোৱা ৰোগৰ পৰা হাতসৰাৰ একমাত্ৰ উপায় ৷ উন্নত আৰু স্বাস্থ্যসন্মত শৌচাগাৰ ব্যৱহাৰৰ দ্বাৰাও মলমূত্ৰৰ দ্বাৰা হোৱা বীজানুৰ সংক্ৰমনক বাধা দিব পাৰি ৷ গাওঁ নগৰ সকলোতে উন্নত পানী যোগানৰ ব্যৱস্থা কৰিলেও ৰাইজে বিশুদ্ধ পানী সেৱন কৰি পানীৰ পৰা মানে সংক্ৰমিত ৰোগৰ পৰা বাচি থাকিব পাৰিব ৷

লেখকঃ দীপাঞ্জলি কাকতি হাজৰিকা

Leave A Reply