Breaking

আজি বিশ্ব এইডছ দিৱস, বিশ্ব এইডছ দিৱস পালনৰ তাৎপৰ্য জানো আহক…

0 440

বিশ্ব এইডছ দিৱস পালনৰ তাৎপৰ্য

প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয়(World AIDS Day) । বিশ্বজুৰি এইডছ দিৱস পালনৰ উদ্দেশ্য হৈছে ৰোগবিধৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ মানুহক সাাহস দিয়া(Purpose of World AIDS Day) । বিশ্ব এইডছ দিৱসৰ বিষয়ে আৰু কিছু কথা জানো আহক…

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ মানি অহা আঠটা গোলকীয় জনস্বাস্থ্য প্ৰচাৰ অভিযানৰ এটা হৈছে বিশ্ব এইড্‌ছ দিৱস৷ এইড্‌ছ দিৱস প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনটোত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয়৷ সমগ্ৰ বিশ্বতে এইড্‌ছ ৰোগৰ বিষয়ে সজাগ আৰু সতৰ্ক কৰা আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থাৱলী সম্পৰ্কে সম্যক ধাৰণা দিয়াই হৈছে বিশ্ব এইড্‌ছ দিৱসৰ মূল উদ্দেশ্য৷

এইড্‌ছ দিৱস ১৯৮৮ চনৰ পৰা পালন কৰি অহা হৈছে৷ ছুইজাৰলেণ্ডৰ জেনেভাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দুজন ৰাজহুৱা তথ্য বিষয়া জেমছ বান আৰু থমাছ নেটাৰে ১৯৮৭ চনৰ আগষ্টত পোন প্ৰথমবাৰৰ বাবে UNAIDS-ৰ ড॰ জনাথন মেনৰ আগত বিশ্ব এইড্‌ছ দিৱস পালনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে আৰু এই পৰিকল্পনাত সঁহাৰি জনাই ড॰ মেনে ১৯৮৮ চনৰ ১ ডিচেম্বৰত প্ৰথম বিশ্ব এইড্‌ছ দিৱস পালনৰ পোষকতা কৰে৷ এই বছৰৰ বিশ্ব এইড্‌ছ দিৱসৰ মূল বিষয় হৈছে– “Global Solidarity Shared Responsibility”; অৰ্থাৎ এইড্‌ছৰ বিৰুদ্ধে বিশ্ববাসীক একগোট কৰি দায়িত্বসহ অংশীদাৰ কৰা৷ উল্লেখ্য যে এইচ আই ভি (HIV) সংক্ৰমণৰ শেষ পৰ্যায় হৈছে এইড্‌ছ ৷

ই অকল মানুহৰ দেহলৈ সংক্ৰমিত হয়৷ এইড্‌ছ ৰোগ পিতৃ-মাতৃৰ পৰা জন্মগতভাৱেও লাভ কৰিব পাৰে৷ এই ৰোগত আক্ৰান্ত লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে নষ্ট হয়৷ UNAIDS-ৰ ২০১৯ চনত প্ৰকাশিত সমীক্ষা অনুসৰি বিশ্বজুৰি ৩৮.০ নিযুত এইচ আই ভি আক্ৰান্ত ব্যক্তি আছে ৷

প্ৰায় ১.৭ নিযুত লোক ২০১৯ চনত নতুনকৈ এইচ আই ভিত আক্ৰান্ত হৈছে৷ ৰাষ্ট্ৰীয় এইড্‌ছ নিয়ন্ত্ৰণ সংগঠন(NACO)ৰ ২০১৯ চনত প্ৰকাশিত তথ্য মতে, ভাৰতবৰ্ষত ২৩.৪৯ লাখ লোক এইচ আই ভিত আক্ৰান্ত৷ তাৰ ভিতৰত অসমৰ পৰিসংখ্যা হ’ল ২১,২২০জন৷ সেয়েহে বিশ্ব এইড্‌ছ দিৱসৰ আজিৰ এই দিনটোত আমি সকলোৱে এইড্‌ছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিওঁ আহক৷

Leave A Reply