দিপীলা, ৭ ডিচেম্বৰঃ আজি অসম সত্ৰ মহা সভাৰ অন্তৰ্ভুক্ত দৰং জিলাৰ বঢ়ীনগৰ গাঁও পঞ্চায়তৰ বৰেৰী গাঁৱত ১৫৬৮ খ্ৰীষ্টাব্দতে স্থাপিত শ্ৰীশ্ৰী পালাভিঠা সত্ৰৰ পুনৰ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য লেচাকোণীয়া গোবিন্দ আতৈয়ে স্থাপন কৰা সত্ৰ খনৰ শুভাৰম্ভ অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ আবণ্টিত ধনেৰে ৰূপায়ণ কৰা হব। দিনযোৰা কাৰ্যসূচীৰে ৰূপায়ণ কৰিবলগীয়া অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ছয় বজাত সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক অৰূপ জ্যোতি মহন্তৰ দ্বাৰা প্ৰাতঃপ্ৰসংগ , চাৰে সাত বজাত ভাগৱত পাঠ কৰিব খগেন হাজৰিকাই। আঠ বজাৰ স্মৃতি তৰ্পনৰ মুখ্য তৰ্পক হিচাপে অংশ লব অৱসৰপ্ৰাপ্ত শিক্ষক শুভাৰাম হাজৰিকাই। এঘাৰ বজাত সত্ৰৰ নামঘৰ নিৰ্মাণৰ শুবাৰম্ভ কৰিব ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। মংগল সূচক ঘোষা পাঠ কৰিব অসম সত্ৰ মহাসভাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰদীপ বৰক্ষেত্ৰীয়াই। দৰং জিলা সত্ৰ মহাসভাৰ সভাপতি ৰাজেন মহন্তই সঞ্চালনা কৰা অনষ্ঠানত অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, অসম চৰকাৰৰ গাঁও আৰু নগৰ পৰিকল্পনা বিভাগৰ বিষয়া কাঞ্চন মহন্ত ৰয়,জিলা সত্ৰ মহাসভাৰ সম্পাদক গংগাৰাম বৈশ্য প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব বুলি শ্ৰীশ্ৰী পালাভিঠা সত্ৰৰ সভাপতি দেবেন্দ্ৰ কুমাৰ মহন্ত আৰু সম্পাদক অৰূপ জ্যোতি মহন্তই জনাইছে। অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে সত্ৰখন পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহন কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া লোৱা পদক্ষেপত বিধায়ক গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে সত্ৰ পৰিচালনা সমিতি আৰু আঞ্চলিক ৰাইজে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- 1st BN SSB on full swing on Meri Matti Mera Desh
- শিৱসাগৰত পৰ্যটন বিভাগৰ উদ্যোগত ‘বিশ্ব পৰ্যটন দিৱস’ উদযাপন; মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ
- পূৰ্ণ গতিত প্ৰথম বিএন এছএছবিৰ ‘মেৰি মাটি মেৰা দেশ’
- বৰপেটাত উলহ মালহেৰে ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী পালন
- সৰ্বধৰ্ম সভাৰে নিৰু শৰ্মা পৰাজুলীৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠান লেখিকা সংস্থা,অসমৰ
- ‘মই ক্ষমতাৰ লোভী নহয়’: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত এইচ ডি দেৱেগৌড়া
- কুলশী নৈৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ টংলাৰ বনগাঁৱত তিনিদিনীয়া ভাগৱত পাঠ, নাগাৰা নাম
- মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA
- গেণীচুকৰ ঐতিহাসিক কুন্দা আতা থানত স্বচ্ছতা অভিযান
- জ্যোতিচিত্ৰবনত অসমীয়া চিনেমা ‘মমতাৰ চিঠি’ৰ ট্ৰেইলাৰ মুকলি