Breaking

আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিনত তেখেতৰ ৰাজনীতি জীৱনৰ বিষয়ে জানো আহক….

0 245

সৰ্বানন্দ সোণোৱাল ( এজন ৰাজনীতিবিদ আৰু অসমৰ সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী । তেখেতৰ জন্ম হয় ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত। ২০১৪ চনত তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ভাৰত চৰকাৰৰ যুৱ কাৰ্যক্ৰম আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ উপৰিও ২০০৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰাও সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৬ চনত তেওঁ মাজুলী বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ অসমৰ চতুৰ্দশ মুখ্যমন্ত্ৰী ৰূপে ২০১৬ ৰ পৰা ২০২১ লৈ কাৰ্য্যনিৰ্বাহ কৰে। তেওঁক প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদী ৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় আৰু ২০২১ চনৰ ৭ জুলাইত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

জন্ম

ডিব্ৰুগড় জিলাৰ মুলুক গাঁৱত ১৯৬২ চনৰ ৩১ অক্টোবৰত সৰ্বানন্দ সোণোৱালৰ জন্ম হয়। তেখেত আছিল স্বৰ্গীয়া জীৱেশ্বৰ সোণোৱাল আৰু স্বৰ্গীয় দীনেশ্বৰী সোণোৱালৰ নুমলীয়া পুত্ৰ। তেওঁৰ আছিল ছজনকৈ ককায়েক আৰু দুজনী ভনীয়েক।

শিক্ষা

সৰ্বানন্দ সোণোৱালে মুলুক গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি বিন্ধাকাটা মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈ অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ ডিব্ৰুগড় ডনবস্কো স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আইন শিক্ষা সমাপ্ত কৰাৰ উপৰিও সাংবাদিকতা আৰু মাছ কমিউনিকেচনত ডিগ্ৰী লাভ কৰে।

ছাত্ৰনেতা

মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিল। আৰু ১৯৯২চনৰ পৰা ১৯৯৯চনলৈ সন্থাটোৰ সভাপতিৰ দায়িত্ব বহন কৰে। লগতে ১৯৯৪চনৰ পৰা ২০০৪ চনলৈ উত্তৰ পূব ছাত্ৰ সন্থাৰ চেয়াৰমেনৰ পদত অধিষ্ঠিত থাকে।

ৰাজনৈতিক জীৱন

সৰ্বানন্দ সোণোৱালে ১৯৯৯ চনত অসম গণ পৰিষদত যোগদান কৰে আৰু আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ চেষ্টা আগবঢ়ায়। তেখেতে লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ ৰাণী নৰহৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও পৰাজয়ৰ সন্মুখীন হয়। ইয়াৰ পিছত তেওঁ ২০০১ চনত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিত কংগ্ৰেছৰ পৱনসিং ঘাটোৱাৰক পৰাজিত কৰে।

সৰ্বানন্দ সোণোৱালে বিতৰ্কিত আই এম ডি টি আইনৰ  বিৰুদ্ধে আদালতত যুঁজ চলায় আৰু আইনখন বাতিল কৰিবলৈ সক্ষম হয়। যাৰফলত তেওঁক জাতীয় নায়ক আখ্যা দিয়া হয়।

তেখেতে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ডিব্ৰুগড় সমষ্টি সাংসদ হিচাপে কাৰ্যনিবাহ কৰে। ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ পাৰ্টিত যোগদান কৰে আৰু ২০১২ চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়।  নিৰ্বাচন খেলি ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। একে বছৰতে তেখেতে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ মন্ত্ৰীৰ দায়িত্ব কান্ধ পাতি লয়।

বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিদ্বন্দ্বী ৰাজীৱ লোচন পেগুক ১৮৯২৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ দ্বাৰা তেওঁৰ মুখ্যমন্ত্ৰী পদভাৰ গ্ৰহণ কৰে। ২০২১ চনত তেওঁ পুনৰ মাজুলীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। পিছে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ উত্তৰসূৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ  নাম প্ৰস্তাৱ কৰে।

২০২১ চনৰ ৭ জুলাইত তেওঁক প্ৰধানমন্ত্ৰীৰূপে  নৰেন্দ্ৰ মোদীৰৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰা হয়।

Leave A Reply