Breaking

আজি মঞ্চায়ন হ’ব ‘বিক্ৰমাদিত্যৰ বিচাৰ’। আকৰ্ষণৰ কেন্দ্ৰবিন্দু বৰপেটাৰোডৰ শংকৰদেৱৰ জন্মোৎসৱত নাটক মঞ্চায়নৰ অঘোষিত পৰম্পৰা

0 28

গুৰুজয়ন্তীত ধৰ্মীয় উচ্ছাসত বুৰ গৈছে সমগ্ৰ ৰাজ্য। শ্ৰীমন্ত শংকৰদেৱক আৱিৰ্ভাৱ তিথিত সশ্ৰদ্ধ স্মৰণৰ আপাহতে সম্প্ৰতি নাম-কীৰ্তনত মুখৰ হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰ আদি। অসমৰ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰৰ উপৰি জিলাখনৰ অন্য সত্ৰানুষ্ঠানৰ লগতে বৰপেটাৰোড শাখা সত্ৰতো উদযাপিত হৈছে গুৰুজনাৰ জন্মজয়ন্তী। কালিৰ পৰা তিনিদিনীয়াকৈ আয়োজিত শংকৰদেৱৰ জন্মোৎসৱত আজি বৰপেটাৰোড শাখা সত্ৰত বিশাল ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা, থিয় নাম প্ৰদৰ্শন আদিৰ পিছত কাইলৈ অন্তিমদিনা পৰম্পৰাগতভাৱে মঞ্চায়ন কৰা হ’ব নাট। বৰপেটাৰোড শাখা সত্ৰত গুৰু জয়ন্তীত মঞ্চায়িত নাটকে আকৰ্ষণ কৰি আহিছে বিভিন্ন প্ৰান্তৰ অগনন দৰ্শকক।প্ৰণিধানযোগ্য যে শ্ৰীমন্ত শংকৰদেৱে ধৰ্মীয় গাঁথা প্ৰচাৰৰ উদ্দেশ্যে তথা ধৰ্মৰ মতিৰে জনগণক উদ্বুদ্ধ কৰিবৰ বাবে লোৱা বিভিন্ন পন্থাৰ এটা আছিল নাট ।

গুৰুজনাৰ সেই আদৰ্শ আৰু উদ্দেশ্যক সাৰোগত কৰি ঐতিহাসিক বৰপেটাৰোড শাখা সত্ৰত উদযাপিত হৈ অহা শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথিত স্থানীয় শিল্পীৰ দ্বাৰা নাট মঞ্চস্থ কৰাৰ এক অঘোষিত পৰম্পৰা চলি আহিছে । এইবেলিও ২৩ৰ পৰা তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে বৰপেটাৰোড শাখা সত্ৰত পৰম্পৰাগতভাৱে উদযাপিত হৈ আছে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ । সেইমৰ্মে বছৰি মঞ্চায়ন কৰাৰ দৰে এই বছৰো কাইলৈ অৰ্থাৎ ২৫ ছেপ্টেম্বৰৰ দিনা মঞ্চস্থ কৰা হ’ব নাটক এখন । এইবেলি মঞ্চায়ন হ’বলগীয়া ‘বিক্ৰমাদিত্যৰ বিচাৰ’ত দূৰ্দান্ত অভিনয়েৰে দৰ্শকক মুগ্ধ কৰিবলৈ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈছে বৰপেটাৰোডৰ ন-পুৰণি অভিনয়শিল্পীৰ এটা দল। আমি জনাত গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালনৰ অন্তিমদিনা বৰপেটাৰোড শাখা সত্ৰত বহু বছৰ পূৰ্বৰে পৰা স্থানীয় ন-পুৰণি শিল্পমোদীৰ দ্বাৰা নাট পৰিবেশনৰ পৰম্পৰাৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ সামৰণি পেলোৱাৰ নিয়ম প্ৰচলিত । প্ৰসংগক্ৰমে উল্লেখ্য যে অন্য অনুষ্ঠানৰ বাদেও গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে বৰপেটাৰোড শাখা সত্ৰত মঞ্চায়ন হোৱা নাটকৰ এক সুকীয়া পৰিচিতি আছে সৰ্বত্ৰ ।

এই নাট মঞ্চায়নৰ ইতিহাসো পুৰণি । ইয়াৰে জড়িত বৰপেটাৰোড অঞ্চলৰ বহু ধৰ্মপ্ৰাণ তথা সংস্কৃতিপ্ৰিয় সমাজসচেতক । আৰম্ভণিৰে পৰা বিভিন্ন ধৰণৰ সামাজিক তথা পৌৰাণিক নাটকত প্ৰয়াত নাটমোদী লোক ক্ৰমে নিৰঞ্জন দাস (জনবাবু), মহেন্দ্ৰ পাঠক, ভগৱান দাস, বসন্ত বৰ্মন, হৰেণ দাস, উপেন চৌধুৰী, খৰ্গেশ্বৰ নাথ, ফুল কুমাৰী কলিতা, দৈতাৰী দাস, মদন শৰ্মা, চান মোহন দাস, লক্ষেশ্বৰ দাস, মতিল দাস, অজিত দাসৰ উপৰি বৰ্তমানেও গিণিমা তালুকদাৰ, বীনাপাণি কাকতি, ৰীমা কলিতা, নাৰায়ণ দাস, ৰঞ্জিত কুমাৰ দাস, অৰূপ কুমাৰ বায়ন, বিজয় বৰ্মন, দীপক দাস, হিমাংশু দাস, মুনীন্দ্ৰ দাস, পুতুলী দাস, বৰ্ণালী বৰ্মন, পুষ্পাঞ্জলি তালুকদাৰ, কমল তালুকদাৰ আদিকে ধৰি বিভিন্নগৰাকীৰ সুন্দৰ অভিনয়ত প্ৰাণ পাই নুঠা নহয় অনেক পৌৰাণিক ধৰ্মমূলক তথা সমাজৰ প্ৰতি বাৰ্তাবাহী নাট । তাৰ ভিতৰত ‘নল-দময়ন্তী’, ‘ৰক্ষ কুমাৰ’,’ৰজা হৰিশ্চন্দ্ৰ’, ‘ভক্ত ময়ূৰধ্বজ’, ‘কদ্ৰু বিনতা’, ‘শকুনিৰ প্ৰতিশোধ’ আদি পৌৰাণিক নাটৰ উপৰি ‘কাগজৰ বাঘ’, ‘অজগৰ’ আদি আধুনিক কিন্তু সমাজলৈ বাৰ্তাবাহী নাট বিশেষভাৱে উল্লেখ্য– যিবোৰ বৰপেটাৰোড শাখা সত্ৰৰ মঞ্চত মঞ্চস্থ কৰা হৈছে বিগত ৫৫ বছৰৰ বিভিন্নবাৰৰ গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষত । এইবেলিও গুৰুজনাৰ ৫৭৫তম্ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে কাইলৈ ২৫ ছেপ্টেম্বৰত স্থানীয় ন-পুৰণি শিল্পীয়ে ‘বিক্ৰমাদিত্যৰ বিচাৰ’ নামেৰে এখনি পৌৰাণিক নাট প্ৰদৰ্শন কৰিবলৈ প্ৰস্তুত হৈছে । আশা কৰোঁ, এইবেলিৰ নাটকখনেও মুগ্ধ কৰিব অলেখ দৰ্শকক ।

Leave A Reply