Breaking

আজি মে-ডাম-মে-ফী উপলক্ষে উপৰিপুৰুষক টাই আহোমে কৰিব স্মৰণ; টিপামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

0 98

টাই- আহোম জনগোষ্ঠীয় লোক সকলে উপৰিপুৰুষ সকলক স্মৰণ তথা পূজা কৰাৰ বাবে পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফী পালন কৰি আহিছে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনগোষ্ঠীয় লোকসকলে এই মে-ডাম-মে-ফী পালন কৰিব।

উজনি অসমৰ বিভিন্ন ঠাইত পৃথকে পৃথকে মে-ডাম-মে-ফী অনুষ্ঠিত কৰিব। টিপাম ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত মে-ডাম-মে-ফীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

এই উৎসৱত আহোম সকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়।

মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক টাই আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়।

Leave A Reply