একেলগে ২৭০ জনৰ যোগদান বিজেপিত…

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে বিজেপি দলৰ ব্যাপক তৎপৰতা বৃদ্ধি পাইছে । দেওবাৰে এই উপলক্ষে বিশ্বনাথৰ চোৱাগুৰিত বিশ্বনাথ মণ্ডলৰ এখন যোগদান সভা অনুষ্ঠিত হয় । বিশ্বনাথ মণ্ডলৰ সভাপতি প্ৰানোদিপ্ত ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত শোণিতপুৰ লোকসভাৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ চোৱাগুৰি পঞ্চায়তৰ প্ৰাক্তন সভাপতি চফিউল্লা, দিলোৱাৰ হুছেইন, চাইফুল খাতুন,মজিবুৰ ৰহমান সহ ২৭০ গৰাকী পুৰুষ মহিলাই আজি বিজেপিত যোগদান কৰে।

বিশ্বনাথ মণ্ডলৰ সম্পাদক মিলন বৰাই আতধৰা সভাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে যোগদানৰ এই ধাৰাবাহিক অনুষ্ঠানে প্ৰমাণ কৰে যে আগন্তুক শোণিতপুৰ লোকসভা সমষ্টিত ভাৰতীয় জনতা পার্টিয়ে বিপুল সংখ্যক ভোটত জয় লাভ কৰিব বুলি মন্তব্য কৰে লগতে যোগদান কৰা সকলোকে নিষ্ঠাৰে সৈতে বিজেপি দলত কাম কৰি যাবলৈ আহ্বান জনাই। এই কাৰ্যসূচীত বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ, অবিচি মৰ্চা ৰাজ্যিক উপাধ্যক্ষ ৰঞ্জন গগৈ, ৰঞ্জিত কলিতা,দলীয় কাৰ্যকৰ্তা, স্থানীয় ৰাইজ সভাত উপস্থিত থাকে ।

Related Articles