পেৰিছ অলিম্পিকত অংশ ল’বৰ বাবে পেৰিছত উপস্থিত টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জজয়ী লাভলীনা বৰগোহাঁই…

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ অলিম্পিক। বিশ্ব ক্ৰীড়াৰ মহাযুদ্ধত অংশ ল’বৰ বাবে পেৰিছত উপস্থিত লাভলীনা বৰগোহাঁই। মঙলবাৰে পেৰিছত উপস্থিত হয় টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জজয়ী লাভলীনা।

অলিম্পিকৰ গেম ভিলেজত প্ৰৱেশ কৰিছে লাভলীনা। ৩১ জুলাইত লাভলীনাই আৰম্ভ কৰিব অলিম্পিকৰ অভিযান। ৭৫ কেজি শাখাত খেলিব লাভলীনা বৰগোহাঁইয়ে।চীনৰ লি কোৱান, মৰক্কোৰ খাদিজা এল মাৰ, অলিম্পিক ৰিফিউজি টীমৰ কিন্দি নাগমাৰ লাভলীনাৰ মূল প্ৰতিদ্বন্দ্বী।

Related Articles