Breaking

আধিগম শিক্ষা কেন্দ্ৰৰ টংলা শাখা উদ্বোধন

0 51

ওদালগুৰি জিলাৰ টংলা চহৰৰ নিকটৱৰ্তী চমুৱাপাৰাত ছাত্ৰ – ছাত্ৰীৰ শাৰীৰিক ,মানসিক ,বৌদ্ধিক বিকাশৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবলৈ ওদালগুৰি জিলাৰ ছাত্ৰ- ছাত্ৰীক পৈণত কৰি সফলতা অৰ্জন কৰিবলৈ স্থাপন কৰা আধিগম শিক্ষা কেন্দ্ৰৰ শাখা এটি টংলা চহৰৰ আদৰ্শ বিদ্যালয়ৰ ওচৰত কন্দৰ্প ওজাৰ সুলভ মূল্যৰ দোকানৰ দ্বিতীয় মহলাত অধিগম শিক্ষা কেন্দ্ৰৰ আন এটা শিক্ষা কেন্দ্ৰ মাংগলিক অনুষ্ঠানেৰে শুভ উদ্বোধন কৰে হৰিশিঙা ৰাজহ চক্ৰৰ অৱসৰ প্ৰাপ্ত জ্যেষ্ঠ সহায়ক তথা বৰবাবু সূৰ্যকান্ত দাসে।

আধিগম শিক্ষা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক ,থিয়েটাৰ ইন এডুকেচনৰ সুদক্ষ পৰীক্ষক অৰূপজ্যোতি ৰাভাই বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ওদালগুৰি জিলাৰ ভেৰগাঁও ,ডিমাকুছি ,টংলাৰ শিক্ষাৰ্থীসকলে অৱতীৰ্ণ হৈ উত্তীৰ্ণ কৰাই মানৱ সম্পদ গঢ়াই উক্ত কেন্দ্ৰৰ মুখ্য উদ্দেশ্য বুলি দোহাৰে।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া জয়ন্ত ৰাভা ,প্ৰমুখ্যে ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে।

Leave A Reply