Breaking

টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন…

0 105

ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২২-২০২৩ বৰ্ষৰ বাবে উখল- মাখল পৰিৱেশত ৯ নৱেম্বৰত ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন হয়। অষ্টম ,নৱম আৰু একাদশ শ্ৰেণীৰ বাবে অনুষ্ঠিত এটা পদৰ বিপৰীতে পাঁচজন, চাৰিজন ,তিনিজনে খেলা নিৰ্বাচনত ফলাফল অনুসৰি সাধাৰণ সম্পাদক পদত অমিত লস্কৰে ৬৫০ ৰ ভিতৰত ৪৮১ টা ভোট

,সহকাৰী সাধাৰণ সম্পাদক পদত পংকজ শৰণীয়া ,সাংস্কৃতিক সম্পাদক পদত জিন্টু বড়ো,সমাজ সেৱক পদত প্ৰাণজিৎ মহলীয়া ,,প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক পদত নিলাক্ষী ৰাভা আৰু আলোচনী সম্পাদক পদত জৌখাংশ্ৰী কছাৰী ,সহকাৰী সম্পাদক পদত প্ৰিয়ংকা ৰাভাই জয়যুক্ত হ’বলৈ সক্ষম হয়।টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডঃ দিলীপ কুমাৰ বৰুৱাক ৰিটাৰ্ণিং বিষয়া ,উপাধ্যক্ষ পুতুলী বৰাক জোনেল অফিচাৰ,

শিক্ষকত্ৰয় চৈয়দ নাজিমূল হক,প্ৰমোদ ডেকা আৰু বিনীতা চহৰীয়াক লৈ গঠিত নিৰ্বাচনী সমিতিয়ে সুন্দৰভাৱে নিৰ্বাচন অনুষ্ঠিত কৰে। বহু বছৰ বিৰতিৰ অন্তত আজি অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত শিক্ষাৰ্থীৰ লগতে শিক্ষাগুৰু মণ্ডলীয়েও অনন্য আনন্দৰ ভাগ লোৱা পৰিলক্ষিত হয়।

■টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

Leave A Reply