Breaking

টংলা জলসিঞ্চন বিভাগ খেতিয়কৰ বাবে নহয় কেবল দুৰ্নীতি কৰণৰ বাবেহে!

0 2,259

ওদালগুৰি জিলা ভেৰগাঁ‌ও মহকুমা অন্তৰ্গত টংলা জলসিঞ্চন সংমণ্ডলক কেন্দ্ৰ কৰি সমাজসেৱক পংকজ অসমীয়াৰ এনে মন্তব্য””টংলা জলসিঞ্চন সংমণ্ডল খেতিয়কৰ আৰু ৰাইজৰ বাবে নহয় কেবল দুৰ্নীতি গ্ৰস্ত ঠিকাদাৰ আৰু শীৰ্ষ বিষয়াৰ লুন্ঠন ৰাজ চলাবৰ বাবেহে।””উল্লেখযোগ্য যে যোৱা ১৭ নৱেম্বৰ তাৰিখে টংলা জলসিঞ্চন সংমণ্ডলত ৪.১৮ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি অসমীয়া প্ৰতিদিন কাকতত ঠিকা কামৰ আৱন্টনৰ বিপৰীতে জমা ৰখা ধনৰ মুঠ ৪.১৮ কোটি কৌশলৰে কোষাগাৰ সঞ্চালকালয়ৰ পৰা উলিয়াই আনি বছা বছা ঠিকাদাৰৰ লগত বুজা বুজি কৰি যিমান ধন ঠিকাদাৰে পায় তাতোকৈ অধিক ধন ঠিকাদাৰৰ একাউণ্টত  সুমুৱাই দি তাৰে ৮০ শতাংশ ধন ঠিকাদাৰৰ পৰা উলিয়াই আত্মাসাৎ কৰা বুলি সবিস্তাৰে এটি বাতৰি প্ৰকাশিত হৈছিল।সেয়েহে সমাজসেৱক পংকজ অসমীয়াই বৃহৎ কেলেংকাৰীটোৰ লগত জড়িত থকা জলসিঞ্চন বিভাগৰ অধ্যক্ষ তথা অভিযন্তা মৃগেন বড়ো কোকৰাঝাৰ, টংলা সংমণ্ডলৰ কৰ্যবাহী অভিযন্তা সত্যৰাম কলিতা আৰু গাননিক প্ৰভাত কলিতাৰ নেতৃত্বত এই বৃহৎ কেলেংকাৰীটোৰ লগত জড়িত থকা চৰকাৰী বিষয়া  সকলৰ বিৰুদ্ধে অতিশীঘ্ৰেই আইনী ব্যৱস্থা লবলৈ যোৱা ১৮ নৱেম্বৰ তাৰিখে টংলা আৰক্ষী থানাত এটি এজাহাৰ দাখিল কৰিছিল আৰু সেয়েহে আজি তদন্ত পক্ৰিয়া কিমান ক্ষিপ্ৰ গতিত আগবাঢ়িছে তাৰ খবৰ লবলে আহি টংলা থানাৰ সন্মুখত এজাহাৰকাৰী পংকজ অসমীয়াই চৰকাৰী বিষয়াৰ অবাদ লুণ্ঠনৰাজক অতিষ্ঠ হৈ সাংবাদিকৰ আগত এনেধৰণৰ মন্তব্য কৰে।

Leave A Reply