Breaking

টংলা জলা পলাহগড়ৰ বিকাশ ডেকা আলফাত যোগদান

0 2,277

ওদালগুৰি জিলা টংলাথানা অন্তৰ্গত টংলা জলাহ পলাহগড়ৰ  মহেন্দ্ৰ ডেকা আৰু সুশিলা ডেকাৰ একমাত্ৰ পুত্ৰ বিকাশ ডেকাই গুৱাহাটীলৈ যাও বুলি আলফাত যোগদান হোৱা খৱৰক লৈ বৰ্তমান বিকাশ ডেকাৰ ঘৰত শোকাকুল পৰিবেশ।প্ৰাপ্ত খৱৰ অনুসৰি টংলা থানাৰ অন্তৰ্গত জলাহ পলাগড়ৰ মহেন্দ্ৰ ডেকা আৰু সুশিলা ডেকাৰ একমাত্ৰ পুত্ৰ বিকাশ ডেকা গুৱাহাটীলৈ যাও বুলি যোৱা মঙলবাৰ ১৬ নৱেম্বৰ দিনাই ঘৰৰ পৰা ওলাই গৈছিল কিন্তু সেইদিনা ঘৰলৈ উভতি আহিব নোৱাৰো বুলি মাকক ফোন কৰিছিল যদিও পিছদিনা ১৭ নৱেম্বৰ দিনা ঘৰত আহিব বুলি মাকক কথা দিছিল কিন্তু সেইদিনাও ঘৰত নাহো বুলি ফোন কৰি তেনেকৈ প্ৰায় শুক্ৰবাৰ ১৯  নৱেম্বৰলৈ থাকিল তাৰ পিছত ফোন অফ ৰখাত পিতৃ মাতৃ চিন্তিত হৈ আছিল।তেনেতে দেওবাৰদিনা নিশা পৰিয়ালৰ সম্পৰ্কীয় এজন দদায়েকে আহি খৱৰটো পিতৃ  মাতৃক দিয়া অনুসৰি বিকাশ ডেকা গুৱাহাটীলৈ যাও বুলি নাগালেণ্ডৰ মন জিলাত  আলফাত যোগদান কৰিছে বুলি জানিব দিয়ে।ফলত নিৰক্ষৰ পিতৃ মাতৃ এতিয়া উপায়ন্তৰ হৈ পৰিছে, জুবিন বুলি কলে পাগল ফুল কুমলীয়া ২১ বছৰ বয়সীয়া বিকাশ ডেকা নম্ৰ সহনশীল দয়ালো অনবৰতে সংগীতৰ লগত জড়িত হৈ ভাল পোৱা বিকাশে ঢোল,গীতাৰ,গান গোৱাৰ ওপৰিও পবিত্ৰ ৰাভাৰ দাপোন গোষ্ঠীৰ লগত জড়িত আছিল। কিন্তু কি কাৰনত বিকাশ ডেকাই এনে পথ বাছি ললে সেয়া এক ৰহস্য জনক হৈ পৰিছে। সেয়েহে  অসুখীয়া পিতৃ-মাতৃ পৰিয়ালটোৰ উপাৰ্জনৰ এক মাত্ৰ লৰা বিকাশ ডেকাক ঘূৰাই আনিবলৈ চৰকাৰক কৰজোৰে আহ্বান জনাইছে পৰিয়ালৰ লোকে

Leave A Reply