Breaking

নেচনেল মাষ্টাৰ গেমছত টংলাৰ খেলুৱৈ হিমাংশু চহৰীয়া আৰু অৰ্চনা বড়োৰ ৰূপৰ পদক লাভ…

0 117

ওদালগুৰি জিলাৰ টংলা চাতিয়াপাৰা নিবাসী হিমাংশু চহৰীয়াই ৮ ৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈকে গোৱাত অনুষ্ঠিত নেচনেল মাষ্টাৰ গেমছ- ২০২৪ৰ ১০০ মিটাৰ দৌৰত ব্ৰঞ্জ আৰু ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ

কৰা বিপৰীতে টংলা জালুকবাৰীৰ অৰ্চনা বড়োই দিস্কাছ থ্ৰ’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভেৰে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

অসম মাষ্টাৰ গেমছৰ হৈ অংশগ্ৰহণ কৰা খেলুৱৈ দুগৰাকীক সন্থাটোৰ সভাপতি, সম্পাদক, টংলা মাষ্টাৰ স্পৰ্টছ এছোচিয়েচন ,টংলা স্পৰ্টছ এছোচিয়েচন ,পূব টংলা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চ, টংলা প্ৰেছ ক্লাব তথা গুণমুগ্ধই উষ্ম অভিনন্দন জনাইছে।

Leave A Reply